নিউজ ডেস্ক, 29 ডিচেম্বৰ: ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ স্থগিতাদেশৰ বিৰোধিতা কৰি সোমবাৰে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, ক'ভিড-19 ৰ ভয়াৱহতা প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনিৰ্দিষ্ট কালৰ বাবে স্থগিতাদেশ জাৰি কৰিছিল ত্ৰিপুৰা চৰকাৰে ৷
কংগ্ৰেছৰ 136 তম প্ৰতিষ্ঠা দিৱসৰ দিনাই পৌৰ নিগমৰ নিৰ্বাচন অতি সোনকালে অনুষ্ঠিত কৰাৰ দাবী জনাই আগৰতলা পৌৰ নিগমৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ত্ৰিপুৰা কংগ্ৰেছ কমিতিয়ে ৷ প্ৰতিবাদস্থলীৰ পৰা TPCC মুখপাত্ৰ তথা জেষ্ঠ অধিবক্তা হৰে কৃষ্ণ ভমিকে কয়,ত্ৰিপুৰা প্ৰশাসনে অগণতান্ত্ৰিকভাৱে এই নিৰ্বাচন স্থগিত ৰাখিছে ৷ একে সময়তে জম্মু-কাশ্মীৰ,বিহাৰ আদিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে কিন্তু ত্ৰিপুৰা এই নিৰ্বাচন অনুষ্ঠিত কৰা ক্ষেত্ৰত আপত্তি ক'ত বুলিও প্ৰশ্ন উত্থাপন কৰে মূখপাত্ৰ গৰাকীয়ে ৷