অসম

assam

ETV Bharat / bharat

Medical negligence news: অস্ত্ৰোপচাৰৰ সময়ত প্ৰসূতিৰ পেটতে টাৱেল এৰিলে চিকিৎসকে - Medical negligence in India

উত্তৰ প্ৰদেশৰ আমৰোহাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকৰ দ্বাৰা সংঘটিত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে (Amroha medical negligence news) । এগৰাকী গৰ্ভৱতী মহিলাৰ অস্ত্ৰোপচাৰৰ সময়ত, পেটতে টাৱেল ভৰাই থ’লে চিকিৎসকে । এই ঘটনা পোহৰলৈ অহাৰ পাচতেই তদন্ত ঘোষণা কৰিছে জিলা স্বাস্থ্য বিষয়াই ৷

প্ৰসূতিৰ পেটতে চিকিৎসকে এৰিলে টাৱেল
Towel left in womb

By

Published : Jan 4, 2023, 9:36 PM IST

নিউজ ডেস্ক, 4 জানুৱাৰী:উত্তৰ প্ৰদেশৰ আমৰোহাত আশ্চৰ্যকৰ ঘটনা ৷ প্ৰসূতিক অস্ত্ৰোপচাৰ কৰি পেটৰ ভিতৰতে টাৱেল ভৰাই থোৱাৰ অভিযোগ উঠিছে চিকিৎসকৰ বিৰুদ্ধে (Allegation of Negligence against doctor) ৷ যোৱা 20 ডিচেম্বৰত প্ৰসৱ বেদনাত পীড়িত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল আমৰোহাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৷ তাৰ পাচতেই অস্ত্ৰোপচাৰ কৰা প্ৰসূতিগৰাকীৰ পেটত এখন টাৱেল ৰৈ যোৱাৰ অভিযোগ উঠে ৷ এই অভিযোগ উত্থাপন হোৱাৰ পাচতেই চিকিৎসা বিভাগত হাহাকাৰ লাগে ৷ ঘটনা সন্দৰ্ভত জিলা স্বাস্থ্য বিষয়া ডাঃ ৰাজীৱ সিংঘালে তদন্তৰ নিৰ্দেশ দিয়ে ৷ অৱশ্যে বৰ্তমানলৈকে প্ৰসূতিৰ পৰিয়ালে কোনো লিখিত অভিযোগ দাখিল কৰা নাই বুলি জানিব পৰা গৈছে ৷

নৌগাঁৱা সদৰ থানাৰ অধীনৰ বাংসখেড়ী গাঁৱৰ চমচেৰ আলীয়ে কয় যে, তেওঁ পত্নী নাজৰানাক প্ৰসৱ বেদনা বাঢ়ি যোৱাৰ বাবে যোৱা 20 ডিচেম্বৰত ডাঃ মতলুবৰ দ্বাৰা পৰিচালিত ছেইফী নাৰ্চিং হোমত ভৰ্তি কৰে (Saifee Nursing Home) ৷ তাতেই অস্ত্ৰোপচাৰৰ সময়ত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলে কৰ্তব্যত গাফিলতি কৰি প্ৰসূতিগৰাকীৰ পেটত এখন টাৱেল ভৰাই থয় ৷ নাজৰানাই তীব্ৰ পেটৰ বিষত ভোগা বুলি ডাঃ মতলুবক জনাইছিল যদিও চিকিৎসকে শীতৰ বাবে বিষ অনুভৱ হোৱা বুলি কৈ যোৱা 25 ডিচেম্বৰত প্ৰসূতিগৰাকীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়ে (Medical negligence in India) ৷

ভুক্তভোগী মহিলাগৰাকীৰ স্বামী আলীয়ে আৰু কয় যে, ঘৰলৈ অহাৰ পাচতে নাজৰানাৰ স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাছিল ৷ যাৰ বাবে তেওঁক পুনৰ আমৰোহাৰ ডাঃ গাৰ্গ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ তাতেই নাজৰানাৰ পেটত এখন টাৱেল সোমাই থকাৰ কথাটো ধৰা পৰে ৷ টাৱেলখন উলিয়াবৰ বাবে পুনৰ নাজৰানাক অস্ত্ৰোপচাৰ কৰা হয় ৷ পেটত টাৱেল সোমাই থকাৰ বিষয়টোৱে নাজৰানাৰ পৰিয়ালক হতচকিত কৰি তোলে (Medical terrorism news) ৷

এই ঘটনা যেতিয়াই পোহৰলৈ আহে, তেতিয়াই আমৰোহা জিলা স্বাস্থ্য বিভাগত হাহাকাৰ লাগে ৷ এই ঘটনা সন্দৰ্ভত স্বাস্থ্য বিষয়া ডাঃ ৰাজীৱ সিংঘালে তাৎক্ষণিকভাৱে তদন্তৰ নিৰ্দেশ দিয়ে ৷ ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন লাভ কৰাৰ পাচত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ চিকিৎসা বিষয়াগৰাকীয়ে জনোৱা মতে, বৰ্তমানলৈকে চমচেৰ আলীৰ পৰিয়ালৰ তৰফৰ পৰা কোনো লিখিত অভিযোগ দাখিল কৰা নাই ৷ কিন্তু তথাপিও এই ঘটনাৰ তদন্ত কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে ৷

লগতে পঢ়ক:Gang rape in Agra: আগ্ৰাৰ হোটেলত মহিলাক ১০ দিন ধৰি দলবদ্ধ ধৰ্ষণ

ABOUT THE AUTHOR

...view details