নেশ্যনেল ডেস্ক,১৪ মাৰ্চ:জন্মু-কাশ্মীৰত প্ৰচণ্ড তুষাৰপাত । শনিবাৰে তুষাৰপাতৰ ফলত আৱদ্ধ হৈ থকা পৰ্যটকৰ এটা দল উদ্ধাৰ কৰে প্ৰশাসনে । চাৰিদিন পূৰ্বে স্থানীয় পৰ্যটকৰ এটা দল মধ্য কাশ্মীৰৰ স্বাস্থ্য-ৰিজৰ্ট চ'নামাৰ্গলৈ ফুৰিবলৈ আহিছিল । কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰবল তুষাৰপাতৰ ফলত তেওঁলোক হোটেলতে আৱদ্ধ হৈ থাকে ।
অৱশেষত গান্দেৰবাল জিলা প্ৰশাসনে তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ সক্ষম হয় । আৱদ্ধ এগৰাকী পৰ্যটকে ইটিভি ভাৰতক জনোৱা মতে হোটেল কৰ্তৃপক্ষই তেওঁলোকক পৰিয়ালৰ সদস্যৰ দৰে ব্যৱহাৰ কৰিছিল আৰু কোনো বস্তুৰে অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল । পৰ্যটকজনে কোৱো মতে কাশ্মীৰৰ নাগৰিকৰ অতিথি আপ্যায়নৰ বাবে তেওঁলোক চিৰকৃতজ্ঞ ।