নেশ্যনেল ডেস্ক,৮ জুলাই :উত্তৰাখণ্ডৰ নাইনিতালত শোকাৱহ পথ দুৰ্ঘটনা (Tragic accident at Nainital)। ৰামনগৰত পৰ্যটকৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৯ গৰাকী লোক নিহত হয় । ধেলা নদীত বাহনখন বাগৰি পৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় (9 killed in road accident in Ramnagar)। জানিব পৰা মতে বাহনখনত মুঠ ১০ গৰাকী লোক আছিল । তেওঁলোকৰ ভিতৰত এগৰাকী মহিলাক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে ।
জানিব পৰা মতে ঘটনাটো পুৱা প্ৰায় ৫ মান বজাত সংঘটিত হৈছে । দুৰ্ঘটনাৰ পাছতে জিলা প্ৰশাসনৰ লোকসকল সেই স্থানত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । কেইবা ঘণ্টা ধৰি অভিযান চলোৱাৰ পাছত বাহনখনৰ ভিতৰৰ পৰা আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । স্থানীয় প্ৰশাসনৰ মতে, বাহনখনত স্থানীয় লোকৰ লগতে পাঞ্জাৱৰো পৰ্যটক আছিল ।