নেশ্যনেল ডেস্ক,১৭ ডিচেম্বৰ :ওড়িশাত দুৰ্ঘটনাগ্ৰস্ত এখন তীৰ্থযাত্ৰী কঢ়িওৱা বাছ (Tourist bus accident in Odisha) । ৰাজ্যখনৰ কন্ধমাল জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা । দুৰ্ঘটনাটোত প্ৰায় ২০ গৰাকীকৈ পশ্চিমবংগৰ তীৰ্থযাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে ।
Tourist bus accident: বাছ দুৰ্ঘটনাত আহত প্ৰায় ২০ গৰাকী তীৰ্থযাত্ৰী - ওড়িশাত দুৰ্ঘটনাগ্ৰস্ত এখন তীৰ্থভ্ৰমণলৈ যোৱা বাছ
বৃহস্পতিবাৰে সন্ধিয়া কলিংগঘাটত সংঘটিত হৈছে এই দুৰ্ঘটনাটো (Tourist bus accident in Odisha)। ডেৰিংবাদি দৰ্শনৰ পাছত তীৰ্থযাত্ৰী কঢ়িওৱা বাছখন পশ্চিমবংগলৈ উভতি আহি আছিল । আহতসকলক চিকিৎসালত ভৰ্তি ।
![Tourist bus accident: বাছ দুৰ্ঘটনাত আহত প্ৰায় ২০ গৰাকী তীৰ্থযাত্ৰী Odisha tourist bus accident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-13929985-606-13929985-1639709687947.jpg)
দুৰ্ঘটনাত আহত প্ৰায় ২০ গৰাকী তীৰ্থযাত্ৰী
উল্লেখ্য যে, তীৰ্থযাত্ৰীসকলক লৈ বাছখন ডেৰিংবাদিৰ পৰা পশ্চিমবংগলৈ উভতি আহি আছিল । কিন্তু বৃহস্পতিবাৰ সন্ধিয়া জি উদয়গিৰি আৰক্ষী থানাৰ অন্তৰ্গত কলিংগঘাট পথতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বাছখন (Bus accident at Kalingaghat)। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহতসকলক বঢ়মপুৰৰ এমকেচিজি চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হৈছে । একাংশ আহতক জি উদয়গিৰিৰ চৰকাৰী চিকিৎসালয়তো ভৰ্তি কৰোৱা হৈছে ।
লগতে পঢ়ক :বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা ; থিতাতে নিহত এগৰাকী যুৱতী