নেশ্যনেল ডেস্ক,৩ আগষ্ট :প্ৰকৃতিৰ ৰোষত পৰিছে ওড়িশা । ৰাজ্যখনত হোৱা ধাৰাসাৰ বৰষুণৰ পাছতে ঠায়ে ঠায়ে বান পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে । বহুতে ঘৰ-বাৰী হেৰুৱাই দিশহাৰা হৈ পৰিছে । কিছুমানৰ বাবে বান অভিশাপ যদিও আন একাংশৰ বাবে আকৌ ই সুযোগ হিচাপে দেখা গৈছে । কিয়নো যান্ত্ৰিক ৰাজপথত এতিয়া মাছধৰাৰ প্ৰতিযোগিতা চলিছে ।
বিগত কেইবাদিনো ধৰি ওড়িশাৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । যাৰ বাবে বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰিছে । বিশেষকৈ বৌধ অঞ্চল সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে । পানী ডুব গৈছে ৫৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বৃহৎ অংশ । ৰাজপথেৰে এতিয়া যান-বাহন নহয় নাও হে চলোৱাৰ উপক্ৰম হৈছে । এনে পৰিস্থিতিৰ মাজতে একাংশৰ বাবে এই বতৰ আশীৰ্বাদ হিচাপে দেখা গৈছে । কিয়নো বহুতে জাল, পল' আদি বিভিন্ন ধৰণৰ মাছ ধৰাৰ সঁজুলি লৈ ৰাজপথত নামিছে । বহুতে ৰাজপথত মাছ ধৰাৰ কলা প্ৰদৰ্শন কৰা দেখা গৈছে ।
বহুতৰে জালত আৰু পল'ত ডাঙৰ ডাঙৰ মাছ সোমাল । যাক লৈ আনন্দিত হৈ পৰিছে স্থানীয় মাছমৰীয়াসকল । পুখুৰী, নৈ বা সাগৰত নহয় ৰাজপথতে এনেদৰে ডাঙৰ ডাঙৰ মাছ ধৰিবলৈ পাই স্থানীয় লোকসকলৰ মনত প্ৰাপ্তিৰ হাঁহি দেখিবলৈ পোৱা গৈছে । স্থানীয় লোকসকলে জনোৱা মতে ধাৰাসাৰ বৰষুণৰ ফলত মীনপালন বিভাগৰ পুখুৰীবোৰ ওফন্দি উঠিছে । প্ৰায়বোৰ পুখুৰী বাঢ়নি পানীৰ ফলত ডুবি গৈছে । যাৰ বাবে তাত থকা সৰু বৰ মাছবোৰ ওলাই আহিছে । সেই মাছবোৰ এতিয়া প্লাৱিত হোৱা ৰাজপথত দেখিবলৈ পোৱা গৈছে ।