Modi spoke to Putin: মোদীয়ে হিংসা বন্ধ কৰিবলৈ আহ্বান জনালে পুটিনক
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হিংসাৰ পথ পৰিহাৰ কৰি আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনাইছে (Modi speaks to Putin over Ukraine situation)৷ প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক জনাইছে যে, ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সমস্যাৰ কূটনৈতিক সমাধান হোৱাটো বিচাৰে ৷
Russia Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থীক প্ৰত্যাৱৰ্তনৰ চেষ্টা ৰাজ্য চৰকাৰৰ
ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থী (Assamese students in Ukraine) ৷ এই এশগৰাকী শিক্ষাৰ্থীৰ তালিকা ইতিমধ্যে ৰাজ্য চৰকাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে । ইউক্ৰেইনত থকা আন ভাৰতীয় শিক্ষাৰ্থীসকলৰ লগতে অসমৰ শিক্ষাৰ্থীসকলকো ভাৰতীয় দূতাবাসে দেশলৈ ঘূৰাই আনিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
Russia Ukraine War: পৰিয়ালক লৈ চিন্তিত অসমত বসবাস কৰা ইউক্ৰেইনৰ এগৰাকী জীয়ৰী
ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধক(Russian Ukraine war) লৈ চিন্তিত হৈ পৰিছে এগৰাকী অসমীয়া বোৱাৰী ৷ ছাত্ৰাৱস্থাত হোৱা প্ৰেমৰ ফলত চিৰাং জিলাৰ ছাতিপুৰ গাঁৱৰ ফেশ্বন ডিজাইনাৰ ছফিউৰ ৰহমানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ডাঃ এনাস্থিয়া ৰহমান (Dr. Anastasiia Mosiiash) । ডাঃ এনাস্থিয়া ৰহমানৰ ঘৰ ইউক্ৰেইনত ৷ সম্প্ৰতি বোৱাৰী হৈ চিৰাঙত বসবাস কৰা এনাস্থিয়া ইউক্ৰেইন যুদ্ধৰ বাবে পৰিয়ালক লৈ চিন্তিত হৈ পৰিছে ।
মা কামাখ্যাৰ আশীৰ্বাদ ল’লে ৰাষ্ট্ৰপতি কোবিন্দে
তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ(President Kovind in Assam) । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুৱাহাটীৰ বৰঝাৰৰ বিমান বন্দৰত দিনৰ প্ৰায় ১১.৩০ বজাত অৱতৰণ কৰে । ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত আদৰণি জনায় ৷
বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশন
হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে নাহৰকটীয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনস্থলী ৷ শুকুৰবাৰৰ পৰাই বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাঙলীপথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন ৷