নিউজ ডেস্ক, ১৭ অক্টোবৰ:ছত্তিশগড়ৰ বিজাপুৰৰ মাদ্দেদৰ বান্দেপাৰা বনাঞ্চলত মঙলবাৰে পুৱা নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । মাদ্দেদৰ ঘন অৰণ্যত সংঘটিত এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নক্সালবাদীৰ এজন শীৰ্ষ নেতা মৃত্যু হয় ৷ নিহত নক্সালবাদীটো মাদ্দেদ এলেকা কমিটীৰ ভাৰপ্ৰাপ্ত DVCM নাগেশ বুলি চিনাক্ত কৰা হৈছে ৷ নিৰাপত্তাৰক্ষীয়ে নক্সালবাদীটোৰ মৃতদেহৰ লগতে এটা AK 47 ৰাইফল উদ্ধাৰ কৰে ।
উল্লেখ্য যে, ৭ নৱেম্বৰত ছত্তীশগড়ৰ বস্তৰত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । ১২খন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । ঠায়ে ঠায়ে মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী; বৃদ্ধি কৰা হৈছে তালাচী অভিযান । ইয়াৰ মাজতে মঙলবাৰে পুৱা বিজাপুৰত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ হয় ।