নেশ্যনেল ডেস্ক,২ মাৰ্চ: ৯ মাৰ্চত শুনানি গ্ৰহণ কৰা হ'ব কৃষক বিদ্ৰোহৰ সৈতে সম্পৰ্ক থকা 'টুল কিট' গোচৰৰ সৈতে জড়িত অধিবক্তা নিকিতা জেকবৰ অগ্ৰিম জামিন আবেদনৰ । গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা লাভৰ দিন সমাপ্ত হোৱাৰ এদিন পূৰ্বে শুনানি গ্ৰহণ কৰা হ'ব বুলি মঙলবাৰে ঘোষণা কৰে দিল্লীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে । আবেদন সন্দৰ্ভত বিস্তৃত উত্তৰ দাখিল কৰিবলৈ দিল্লী আৰক্ষীয়ে কিছু সময়ৰ প্ৰয়োজন বুলি অৱগত কৰাৰ পিছতে অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দৰ ৰাণাই বিষয়টো স্থগিত কৰে ।
যোৱা ১৭ ফেব্ৰুৱাৰীত মুম্বাই উচ্চ ন্য়ায়ালয়ে নিকিতা জেকবক ৩ সপ্তাহৰ বাবে অগ্ৰিম জামিন আবেদনত অনুমতি দিছিল আৰু দিল্লীৰ সংশ্লিষ্ট আদালতৰ দ্বাৰস্থ হ'বলৈ নিৰ্দেশ দিয়ে । কিয়নো, দিল্লীত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । আনহাতে, এই গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা লাভৰ দিন অহা ১০ মাৰ্চত সমাপ্ত হ'ব । গ্ৰেপ্তাৰৰ শংকাত নিকিতাই সোমবাৰে পাটিয়ালা হাউচ আদালতৰ কাষ চাপে ।