নিউজ ডেস্ক,18 ফেব্ৰুৱাৰীঃকৃষকসকলৰ প্ৰতিবাদক সমৰ্থন কৰি টুলকিট শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা জলবায়ু কৰ্মী দিশা ৰবিক বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত হাজিৰ কৰোৱা হয় ৷ ন্যায়ালয়ত দিশা ৰবিৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ সৰ্ম্পকত যি কোনো তথ্য আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰচাৰ কৰা বা অৱগত কৰাত বাধা প্ৰদান কৰিবলৈ আবেদন জনাইছে ৷
দিল্লী আৰক্ষীৰ ভাষ্য অনুসৰি দিশা ৰবিয়ে এটা অনলাইন দস্তাবেজ প্ৰস্তত কৰি শ্বেয়াৰ কৰিছিল, যিয়ে বিদ্ৰোহীসকলক উৎসাহিত কৰিছিল । ‘টুলকিট’ হিচাপে অভিহিত এট দস্তাবেজটোৱে কৃষকসকলক এই পৰিকল্পনা যুগুত কৰাত সহায় কৰিছিল, যিটো ৰবিয়ে গ্ৰেটা থানবাৰ্গৰ সৈতে শ্বেয়াৰ কৰিছিল। অৱশ্যে ৰবিৰ অধিবক্তাই এই অভিযোগ নাকচ কৰে । থানবাৰ্গে এই দস্তাবেজটোৰ লিংক এটা টুইটযোগে শ্বেয়াৰ কৰিছিল যদিও পিছত এইটো ডিলিট কৰিছিল ।