নিউজ ডেস্ক, ২৭ জুন : কেৱল পিঁয়াজেই যে মানুহৰ চকুপানী উলিয়ায় তেনে নহয় । এতিয়া বিলাহীয়েও মানুহৰ চকুত চকুপানী আনিছে । হয়, ঠিকেই পঢ়িছে । এতিয়া বিলাহীৰ বৰ্ধিত মূল্যই সাধাৰণ জনতাৰ চকুত চকুলো বোৱাইছে । সাধাৰণতে বৰষুণৰ বতৰত পাচলিৰ মূল্য হ্ৰাস পায় । কিন্তু এইবাৰ বিলাহীকে ধৰি বহুতো সেউজীয়া পাচলিৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে । ইয়াৰে ভিতৰত শীৰ্ষত আছে বিলাহীৰ মূল্য । মে' মাহত পাইকাৰী বজাৰত প্ৰতি কিলোগ্ৰামত ৩-৫ টকা আৰু খুচুৰা বজাৰত ১০-১২ টকাত উপলব্ধ বিলাহীৰ মূল্য এতিয়া জুনৰ শেষত ১০০ টকা অতিক্ৰম কৰিছে । বিগত সপ্তাহত বিলাহীৰ মূল্য তিনিবাৰকৈ বৃদ্ধি পাইছে । কিন্তু এই বৰ্ধিত মূল্যৰ আঁৰৰ কাৰণ কি ? বৰ্তমান কোনখন ৰাজ্যত কিমান মূল্যত উপলব্ধ বিলাহী ? আহক এবাৰ চাওঁ ।
বহুতো ৰাজ্যত তীব্ৰ গৰমৰ ফলত বিলাহী উৎপাদন হ্ৰাস পাইছে । আনহাতে, অকাল বৰষুণৰ বাবেও বিলাহী অধিক ৰঙা হৈ পৰিছে । অৰ্থাৎ শস্যবোৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । এইবোৰৰ উপৰি বিপৰ্যয় ধুমুহাৰ প্ৰভাৱৰ ফলতো বিলাহী ৰঙা পৰিছে । উল্লেখ্য যে শীৰ্ষ বিলাহী উৎপাদক ৰাজ্যসমূহৰ ভিতৰত আছে গুজৰাট আৰু মহাৰাষ্ট্ৰ । বিপৰ্যয় ধুমুহাৰ ফলত এই ৰাজ্য দুখনত বিলাহী খেতি যথেষ্ট প্ৰভাৱিত হৈছে । ইয়াৰ ফলত বিলাহীৰ উৎপাদন প্ৰভাৱিত হৈছে । আনহাতে, বিগত বছৰ বিলাহীৰ মূল্য হ্ৰাস হোৱাৰ বাবে এইবাৰ কৃষকসকলে বিলাহীৰ খেতিও কম পৰিমাণে কৰিছে । যাৰ ফলত বহুতো ৰাজ্যত এতিয়া বিলাহীৰ মূল্যই শতিকৰ ঘৰ স্পৰ্শ কৰিছে ।
কোন ঠাইত বিলাহীৰ মূল্য কিমান ?
ৰাজ্য/স্থান | বিলাহীৰ মূল্য (প্ৰতিকেজি) |
নয়ডা | ১২০ টকা |
ঝাৰখণ্ড | ৫০-৫৫ টকা |
গুজৰাট | ৯০-১০০ টকা |
মহাৰাষ্ট্ৰ | ১০০ টকা |
বংগ | ১০০ টকা |
অন্ধ্ৰপ্ৰদেশ | ১০০ টকা |
চণ্ডীগড় | ৮০-৯০ টকা |
হাৰিয়ানা | ৭০-৮০ টকা |
লক্ষ্ণৌ | ১০০-১২০ টকা |
অসম | ৮০-১০০ টকা |
বেংগালুৰু | ১০০ টকা |
চেন্নাই | ১১০ টকা |
বিহাৰ | ৭০-৮০ টকা |
কেৰালা | ৬০-৯০ টকা |
তেলেংগানা | ৮০-১০০ টকা |
ওড়িশা | ১২০ টকা |