অসম

assam

ETV Bharat / bharat

Bengaluru cracker shop fire: একে গাঁৱৰে 14 গৰাকী লোকৰ মৃত্যু, 3 লাখকৈ নগদ সাহায্যৰ ঘোষণা

আনেকাল তালুকৰ বেংগালুৰু-হোচুৰ আন্তঃৰাজ্যিক ঘাইপথৰ আট্টিবেলত আতচবাজীৰ দোকান আৰু গুদামত সংঘটিত হোৱা অগ্নিকাণ্ডত মৃতকৰ সংখ্যা 14 জনলৈ বৃদ্ধি হৈছে ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ভুক্তভোগী পৰিয়াললৈ 3 লাখকৈ নগদ সাহায্য ঘোষণা কৰে ৷

একে গাঁৱৰে 14 গৰাকী লোকৰ মৃত্যু
একে গাঁৱৰে 14 গৰাকী লোকৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 3:35 PM IST

নেশ্যনেল ডেস্ক, 8 অক্টোবৰ : কৰ্ণাটকৰ বেংগালুৰু-হোচুৰ আন্তঃৰাজ্যিক ঘাইপথৰ আট্টিবেলত শনিবাৰে প্ৰায় 3.30 বজাত এখন আতচবাজীৰ দোকান আৰু গুদামত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল । দেওবাৰে এই অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা 14 জনলৈ বৃদ্ধি হৈছে ৷ এখন বাহনৰ পৰা আতচবাজীৰ কাৰ্টন আনলোড কৰাৰ সময়তেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল । শনিবাৰে ঘটনাস্থলীত 12 জন লোক অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ পিচতে আজি চিকিৎসাধীন অৱস্থাত আন দুজন লোকৰ মৃত্যু হয় ।

মৃত্যু হোৱা লোকসকলৰ আতচবাজীৰ দোকান আৰু গুদামৰ কৰ্মচাৰী আছিল ৷ আৰক্ষী অধীক্ষক (বেংগালুৰু গ্ৰাম্য) মল্লিকাৰ্জুন বালাদাণ্ডিয়ে কয় যে, অগ্নিকাণ্ডৰ সময়ত কিছু কৰ্মচাৰীয়ে দোকানৰ ভিতৰত কৰ্মৰত অৱস্থাত আছিল ৷ জানিব পৰা অনুসৰি মৃত 14 গৰাকী লোক একেখন গাঁৱৰ আছিল ৷ ইয়াৰে 8 জন শিক্ষাৰ্থী আছিল ৷ সম্প্ৰতি মৃতসকলৰ পৰিচয় উদ্ধাৰ কৰিব পৰা গৈছে ৷

দেৱালীৰ প্ৰাকক্ষণত শ্ৰমিক হিচাপে আতচবাজীৰ দোকানলৈ কাম কৰিবলৈ আহিছিল শিক্ষাৰ্থীকেইজন ৷ এই ঘটনাৰ পিচতে উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ঘটনাস্থলী পৰিদৰ্শন কৰি মৃতকসকলক পাঁচ লাখ টকাৰ ক্ষতিপূৰণৰ ঘোষণা কৰিছিল। ইফালে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই X ত উল্লেখ কৰা এটা পোষ্টযোগে ঘটনাৰ সন্দৰ্ভত শোক প্ৰকাশ কৰি মৃত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰিছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি, ভুক্তভোগীসকলৰ বেছিসংখ্যকেই ধৰ্মপুৰী জিলাৰ আম্মালপেট্টাই, তিৰুপত্তুৰৰ ভানিয়াম্বাদি আৰু চুবুৰীয়া তামিলনাডুৰ কাল্লাকুৰিচি জিলাৰ আছিল । এই ঘটনাত গুডামৰ স্বাত্বাধিকাৰীগৰাকীও আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ সময়ত 9 খনতকৈও অধিক অগ্নিনিৰ্বাপক বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ দোকানখনৰ স্বত্বাধিকাৰীগৰাকীয়ে নৱৰাত্ৰি আৰু দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি ফটকাসমূহ মজুত কৰি ৰাখিছিল। এই অগ্নিকাণ্ডত ওচৰতে ৰখাই থোৱা কেইবাখনো বাহন জ্বলি ভষ্মীভূত হয় ৷

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি ভুক্তভোগী পৰিয়াললৈ 3 লাখকৈ নগদ সাহায্য ঘোষণা কৰে। তেওঁ প্ৰয়োজনত আহতসকলৰ চিকিৎসাৰ তদাৰক কৰাৰ লগতে তামিলনাডুলৈ তেওঁলোকৰ স্থানান্তৰৰ বাবে মন্ত্ৰীসভাৰ সহকৰ্মী আৰ সক্কাৰাপানী আৰু মা সুব্ৰমনিয়ামক নিযুক্তি দিছে ৷

তেওঁ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক 1 লাখকৈ আৰু সাধাৰণ আঘাতপ্ৰাপ্ত লোকসকলক 50,000 টকা ক্ষতিপূৰণ ঘোষণা কৰে ।

লগতে পঢ়ক:Fire in firecracker tragedy: বেংগালুৰুত আতচবাজীৰ গুদামত অগ্নিকাণ্ড: নিহত ১১

ABOUT THE AUTHOR

...view details