স্পেৰ্টছ ডেস্ক, 29 জুলাই :বিশ্ব চেম্পিয়ন পি ভি সিন্ধু( PV Sindhu)ৱে বৃহস্পতিবাৰে বিশ্বৰ ১২ নম্বৰ খেলুৱৈ ডেনমাৰ্কৰ মিয়া ব্লিচফেল্ড(Mia Blichfeldt )ক পোনপটীয়া ছেটত পৰাস্ত কৰে ৷ সিন্ধুৱে টকিঅ' অলিম্পিকৰ মুছাশিনো ফৰেষ্ট প্লাজা ক'ৰ্ট ৩ ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৷ এই খেলখন এইবাৰৰ অলিম্পিকত সিন্ধুৰ প্ৰথম নকআউট মেচ আছিল ৷ সম্প্ৰতি বিশ্বৰ ৭ নম্বৰ স্থানত থকা খেলুৱৈ সিন্ধুৱে এই বিজয় খুব সহজেই সাব্যস্ত কৰিছিল ৷
প্ৰথম ছেটত তেওঁ সহজেই ২১-১৫ ৰ ব্যৱাধানত জয় লাভ কৰে আৰু এই ছেটটো ২১ মিনিট ধৰি চলিছিল । দ্বিতীয় ছেটতো, মিয়াৰ বাবে জীৱন মৰণৰ খেল সদৃশ আছিল ৷ কিন্তু, এই ছেটতো সিন্ধুৱে অলপ সময়ৰ ভিতৰতে 5-0 ৰ ব্যৱধান আগবঢ়াইছিল । খেলখনৰ আধা সময়লৈকে সিন্ধুৱে এই ব্যৱধান প্ৰায় দুগুণলৈ বৃদ্ধি কৰা দেখা গৈছিল ৷
লগতে পঢ়ক :Tokyo Olympics : পুৰুষৰ হকীত ভাৰতৰ হাতত ৩-১ গ'লত পৰাস্ত আৰ্জেণ্টিনা