স্প’ৰ্টছ ডেস্ক, ২৫ জুলাই :টকিঅ' অলিম্পিকত (Tokyo Olympic) অগ্ৰগতি লাভ কৰিছে ভাৰতৰ টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰাই (Manika Batra) । দেওবাৰে ভাৰতীয় পেডলাৰ গৰাকীয়ে ইউক্ৰেইনৰ মাৰ্গাৰিটা পেচোটস্কাক (Margaryta Pesotska) ৪-৩ ছেটত পৰাস্ত কৰে । টকিঅ' মেট্ৰ'পলিটান জিমনেছিয়ামত মহিলা একক শাখাত দ্বিতীয় ৰাউণ্ডত এই অগ্ৰগতি মণিকা বাত্ৰাৰ ।
উল্লেখ্য যে, প্ৰথম দুটা ৰাউণ্ডত ক্ৰমে ১১-৪, ১১-৪ ছেটত ইউক্ৰেইনৰ পেডেলাৰ গৰাকীয়ে জয়ী হৈছিল ৷ কিন্তু তৃতীয় ৰাউণ্ডৰ খেলত ১১-৭ পইণ্টেৰে পুনৰ তীব্ৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত থিয় দিয়ে ভাৰতীয় পেডলাৰগৰাকী । ক্ৰমে উন্নত প্ৰদৰ্শনেৰে মণিকাই চতুৰ্থ ৰাউণ্ডত ১২-১০ ছেটত জয়ী হয় । চতুৰ্থ ৰাউণ্ডৰ খেলৰ অন্তত প্ৰতিযোগিতাখন অতি ৰোমাঞ্চকৰ হৈ পৰিছিল ৷ কাৰণ দুয়োগৰাকী খেলুৱৈয়ে ২-২ ছেটত অটুট আছিল ।
পঞ্চম ৰাউণ্ডত খেলুৱৈগৰাকীয়ে ভাৰতীয় দৰ্শকক নিৰাশ কৰি ৮-১১ ছেটত ইউক্ৰেইনৰ হাতত পৰাস্ত হয় ৷