অসম

assam

ETV Bharat / bharat

Kedarnath Disaster : বিভীষিকাময় কেদাৰনাথ দুৰ্যোগৰ দশম বাৰ্ষিকী - tenth anniversary of Kedarnath disaster

১৪ জুনৰ পৰা হৈ থকা ধাৰাবাহিক বৰষুণৰ ফলত কেদাৰনাথ ধামৰ ওপৰৰ চোৰাবাৰী হ্ৰদত এটা হিমবাহ ভাঙি গৈছিল । যাৰ ফলত চোৰাবাৰী হ্ৰদৰ এটা অংশ ভাঙি পৰে আৰু কেদাৰনাথ উপত্যকাত বানপানীৰ ৰূপত গোটেই হ্ৰদটোৰ পানী হঠাতে আহি জমা হয় ।

Kedarnath Disaster
Kedarnath Disaster

By

Published : Jun 16, 2023, 2:53 PM IST

নিউজ ডেস্ক, ১৬ জুন : উত্তৰাখণ্ডৰ ইতিহাসৰ এটা ক'লা দিন হৈছে ১৬ জুন । যিটো তাৰিখ আগন্তুক কেইবাশ বছৰৰ বাবে বিভিন্ন দৃষ্টিকোণত স্মৰণীয় হৈ থাকিব । ২০১৩ চনৰ ১৬ জুনত সংঘটিত কেদাৰনাথ দুৰ্যোগৰ শুকুৰবাৰে ১০ বছৰ সম্পূৰ্ণ হ'ল । কিন্তু কেদাৰনাথৰ লগতে সমগ্ৰ দেশে এতিয়াও পাহৰিব পৰা যোৱা নাই উক্ত কালিকালগা দিনটোৰ বিভীষিকাৰ কথা । বছৰে বছৰে এই বিভীষিকাৰ পুৰণি ঘাটুকুৰা সজীৱ হৈ পৰে । কিন্তু তাৰ মাজতো বিগত ১০ বছৰত সকলোৱে এই দুৰ্বিষহ দিনটোৰ কথা পাহৰিবলৈ নিজকে শক্তিশালী কৰিছে । আনহাতে, সময়ৰ অগ্ৰগতিৰ লগে লগে এই পুৰণি আঘাতক পাহৰিবলৈও সকলোৱে চেষ্টা কৰিছে ।

কেদাৰনাথ দুৰ্যোগ কি আছিল ?

২০১৩ চনত স্বাভাৱিক আৰম্ভণিৰ তাৰিখতকৈ অলপ আগতে উত্তৰাখণ্ডত বৰষাৰ আগমন ঘটিছিল । যাৰ ফলত জুন মাহৰ প্ৰথম সপ্তাহৰ পৰাই ৰাজ্যখনত বৰষুণ হ'বলৈ আৰম্ভ কৰিছিল । আনহাতে, জুনৰ দ্বিতীয় সপ্তাহলৈকে বৰষুণে গতি লাভ কৰিছিল । বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুযায়ীয়ে সমগ্ৰ ৰাজ্যখনতে ধাৰাবাহিক বৰষুণ হৈছিল । ইফালে এই সময়ছোৱাতে ১৫ জুনৰ পৰা নিৰন্তৰ হৈ থকা বৰষুণ ১৭ জুনৰ পুৱালৈকে ধাৰাবাহিকভাৱে চলি আছিল । যাৰ ফলত সৰু-সুৰা বিপৰ্যয়ৰ আশংকা কৰা হৈছিল ।

কিন্তু সেই সময়তে কেদাৰনাথৰ এজন বিষয়াই প্ৰেৰণ কৰা এখন ছবিয়ে সকলোৰে উদ্বেগ বৃদ্ধি কৰি তোলে । বিবৱৰণী অনুসৰি, কেদাৰনাথত মূষলধাৰ বৰষুণ হোৱাৰ ফলত তাত কিছু ক্ষতি হয় । কিন্তু যেতিয়া ১৭ জুনৰ পুৱা বৰষুণ কমিবলৈ আৰম্ভ কৰে, তেতিয়া যি দৃশ্য পোহৰলৈ আহে সেয়া সঁচাকৈয়ে হৃদয়বিদাৰক আছিল । দৰাচলতে সম্পূৰ্ণভাৱে পৰিপূৰ্ণ কেদাৰনাথ ধামত কেদাৰনাথ যাত্ৰা ঋতুৰ শীৰ্ষ সময়ত সমগ্ৰ কেদাৰনাথ ধাম তীৰ্থযাত্ৰীৰে ভৰি আছিল । কিন্তু সেই সময়তে কেদাৰনাথৰ প্ৰায় ৯০ শতাংশ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত হৈছিল । অৱশ্যে চৰকাৰী পৰিসংখ্যাই যিয়েই নকওক কিয়, কিন্তু তাত থকা প্ৰতিজন প্ৰত্য়ক্ষদৰ্শীয়ে কয় যে সেইদিনা কেদাৰনাথ ধামত ১০ হাজাৰোধিক লোক উপস্থিত আছিল । যাৰ ভিতৰত হাজাৰ হাজাৰ লোক এতিয়াও সন্ধানহীন বা তেওঁলোকৰ কোনো ৰেকৰ্ডো নাই ।

২০১৩ চনৰ দুৰ্যোগৰ পিছতো বহু বছৰ ধৰি ১৬ জুনত কেদাৰনাথ ভ্ৰমণ কৰা তীৰ্থযাত্ৰীসকলৰ পৰিয়ালক উত্তৰাখণ্ডৰ বিভিন্ন অঞ্চলত তেওঁলোকৰ আত্মীয়সকলক বিচাৰি থকা দেখা যায় । লগতে তেওঁলোকে প্ৰকাশ কৰে কেনেদৰে ২০১৩ চনৰ ১৬ জুনৰ সেই দিনটোৱে কেনেদৰে তেওঁলোকৰ জীৱনলৈ বিভীষিকা নমাই আনিছিল ।

২০১৩ চনৰ ১৬ জুনৰ দুৰ্যোগটো কিয় ঘটিছিল ?

২০১৩ চনৰ ১৬ জুনৰ দুৰ্যোগৰ প্ৰতিটো ঘটনাই দেখুৱায় যে নিৰন্তৰ বৰষুণৰ বাবে সকলো নদী-নলা উপচি পৰিছিল । অৱশ্যে অঞ্চলটোৰ বাবে সেয়া স্বাভাৱিক আছিল । কিন্তু ১৫ জুনৰ নিশাৰ পৰা হোৱা ধাৰাবাহিক বৰষুণৰ ফলত কেদাৰনাথ ধামৰ দুয়োফালে বৈ থকা মন্দাকিনী আৰু সৰস্বতী নদীৰ পানী ইতিমধ্যে বৃদ্ধি পাইছিল । কিন্তু ১৬ জুনৰ পুৱা ৪ বজাত হঠাতে এই দুখন নদীত পানী যথেষ্ট বৃদ্ধি পাইছিল আৰু কেইছেকেণ্ডমানৰ ভিতৰতে কেদাৰনাথ ধামৰ পিছফালৰ পৰা গোটেই অংশটো ধ্বংসাৱশেষত পৰিণত হৈছিল ।

একে সময়তে কেদাৰনাথ মুখ্য মন্দিৰৰ পিছফালে এটা ডাঙৰ শিল আহি আবদ্ধ হৈ পৰে । যাৰ ফলত মন্দিৰটোৰ অতি কম ক্ষতি হয় । কিন্তু মন্দিৰৰ চাৰিওফালে থকা সকলো বসতিপূৰ্ণ অঞ্চল অতি বেয়াকৈ ধ্বংস হৈ যায় আৰু এনেদৰে পানী বাঢ়ি গৈ থকাত ৰামবাদালৈ যোৱাৰ পথত থকা প্ৰতিখন চহৰলৈও ভাবুকি আহি পৰে । ইফালে দুৰ্যোগৰ কেইবাদিনো পিছত অনুসন্ধানকাৰী দলে জানিব পাৰে যে ১৪ জুনৰ পৰা হৈ থকা ধাৰাবাহিক বৰষুণৰ ফলত কেদাৰনাথ ধামৰ ওপৰৰ চোৰাবাৰী হ্ৰদত এটা হিমবাহ ভাঙি গৈছিল । যাৰ ফলত চোৰাবাৰী হ্ৰদৰ এটা অংশ ভাঙি পৰে আৰু কেদাৰনাথ উপত্যকাত বানপানীৰ ৰূপত গোটেই হ্ৰদটোৰ পানী হঠাতে আহি জমা হয় ।

লগতে পঢ়ক :Cyclone Biparjoy Enters Rajasthan : এইবাৰ ৰাজস্থানত বিপৰ্যয়

ABOUT THE AUTHOR

...view details