অসম

assam

ETV Bharat / bharat

জন্মদিনৰ বিশেষ মূহুৰ্তত চিডিএছ জেনেৰেল বিপিন ৰাৱাটক স্মৰণ - জন্মদিনৰ বিশেষ মূহুৰ্তত চিডিএছ জেনেৰেল বিপিন ৰাৱাটক স্মৰণ

দেশৰ প্ৰথমগৰাকী চিডিএছ বিপিন ৰাৱাটৰ আজি জন্মদিন (Late CDS Bipin Rawat birthday)। সমগ্ৰ দেশজুৰি আজি স্মৰণ কৰা হৈছে ৰাৱাটক । বিগত বছৰত হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল ৰাৱাটৰ । ১৯৭৮ চনৰ পৰা ২০২১ চনৰ ৮ ডিচেম্বৰৰ তেওঁৰ মৃত্যুৰ দিনটোলৈ একেৰাহে দেশৰ প্ৰতি সেৱা আগবঢ়াইছিল ৰাৱাটে ।

Birthday of the countrys first CDS general
দেশবাসীয়ে স্মৰণ কৰিছে চিডিএছ জেনেৰেল বিপিন ৰাৱাটক

By

Published : Mar 16, 2022, 1:50 PM IST

নেশ্যনেল ডেস্ক, ১৬ মাৰ্চ :আজি দেশৰ প্ৰথম চিডিএছ বিপিন ৰাৱাটৰ ৬৫ সংখ্যক জন্মদিন (Late CDS Bipin Rawat birthday) । যোৱা বছৰ ৮ ডিচেম্বৰত তামিলনাডুত হোৱা বিমান দুৰ্ঘটনাত চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু হৈছিল (CDS Bipin Rawat died in plane crash) । জেনেৰেল বিপিন ৰাৱাটে তেওঁৰ কাৰ্যকালত দেশৰ সুৰক্ষাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল ।

১৯৭৮ চনৰ পৰা ২০২১ চনৰ ৮ ডিচেম্বৰৰ দিনটোলৈ তেওঁ একেৰাহে দেশৰ প্ৰতি সেৱা আগবঢ়াইছিল । জেনেৰেল ৰাৱাটৰ পৰিয়ালে কেইবাটাও প্ৰজন্ম ধৰি ভাৰতীয় সেনাত সেৱা আগবঢ়াই আহিছে ।

কোন আছিল চিডিএছ বিপিন ৰাৱাট ?

বিপিন ৰাৱাট উত্তৰাখণ্ডৰ পাউৰী গড়ৱালৰ বাসিন্দা আছিল । তেওঁ প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা ছিমলাৰ এডৱাৰ্ড স্কুলত গ্ৰহণ কৰিছিল । তেওঁ পৰ্বত-পাহাৰেৰে ভৰা পৰিৱেশত ডাঙৰ দীঘল হৈছিল । তেওঁৰ পিতৃ এল এছ ৰাৱাট সেনাৰ এগৰাকী শীৰ্ষ বিষয়া আছিল । তেওঁ ভাৰতীয় সেনাৰ উপ-প্ৰধান পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ।

১৯৭৮ চনত ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমিৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছত বিপিন ৰাৱাটক ১১ তম গোৰ্খা ৰাইফলছৰ ৫ম বেটালিয়নত কমিছনৰ বাবে নিৰ্বাচিত কৰা হয় । বিপিন ৰাৱাট ভাৰতীয় সামৰিক একাডেমিৰ শ্ৰেষ্ঠতম কেডেট আছিল । তেওঁ 'শ্ব’ৰ্ড অৱ ৱনাৰ' সন্মানো লাভ কৰিছিল ।

চিডিএছ বিপিন ৰাৱাটক কেইবাটাও সন্মানেৰে সন্মানিত কৰা হৈছিল । ইয়াৰ ভিতৰত আছিল অতি বিশিষ্ট সেৱা পদক, যুদ্ধসেৱা পদক, বিশিষ্ট সেৱা পদক আৰু সেনা পদক আদি । চিডিএছ আৰু সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে বিপিন ৰাৱাটে চাউদাৰ্ণ কমাণ্ডৰ কমাণ্ডাৰ আৰু সহ-প্ৰধান হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল ।

তেওঁক ৰাষ্ট্ৰসংঘৰ মিছনত মহাসচিব আৰু ফ'ৰ্চ কমাণ্ডাৰৰ দৰে গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়াৰ লগতে কংগোত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা মিছনত মাল্টিনেশ্যনেল ব্ৰিগেডৰ কমাণ্ডৰ হিচাপে দায়িত্ব দিয়া হৈছিল ।

জেনেৰেল বিপিন ৰাৱাটে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত লিখা বহুতো প্ৰবন্ধ বিশ্বৰ বহুতো আলোচনীত প্ৰকাশ পাইছে । চিডিএছ বিপিন ৰাৱাটৰ দক্ষতা কিমান আছিল সেয়া কৈ শেষ কৰিব নোৱাৰি । চিডিএছ বিপিন ৰাৱাটক সামৰিক মাধ্যমৰ কৌশলগত অধ্যয়নৰ ওপৰত গৱেষণাৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল ।

প্ৰতিটো প্ৰত্যাহ্বানৰ মোকাবিলা কৰা, উত্তৰত সামৰিক শক্তিৰ পুনৰ গঠন, পশ্চিম মৰ্চাত চলি থকা সন্ত্ৰাসবাদ আৰু উত্তৰ-পূৰ্বাঞ্চলত চলি থকা সংঘৰ্ষৰ ক্ষেত্ৰত বিপিন ৰাৱাটক সৰ্বশ্ৰেষ্ঠ বিকল্প হিচাপে গণ্য কৰা হৈছিল ।

PoK ত চাৰ্জিকেল ষ্ট্ৰাইক :

উৰিৰ সেনা শিবিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত, ভাৰতীয় সেনাই তদানীন্তন জেনেৰেল বিপিন ৰাৱাটৰ নেতৃত্বত ২০১৬ চনৰ ২৯ ছেপ্তেম্বৰত পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰসমূহ ধ্বংস কৰিবলৈ চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল । পাকিস্তানৰ সীমান্তত ভাৰতৰ এইটো আছিল প্ৰথম আক্ৰমণ ।

এই চাৰ্জিকেল ষ্ট্ৰাইকটো প্ৰশিক্ষণপ্ৰাপ্ত পেৰা কমাণ্ডো বাহিনীয়ে কৰিছিল । এই অভিযানৰ সময়ত কমাণ্ডোসকলে তেওঁলোকৰ ভূমিকা পালন কৰিছিল । একে সময়তে, ভাৰতীয় উপগ্ৰহৰ সহায়ও লোৱা হৈছিল । ৰাতিটোৰ ভিতৰতে এই ষ্ট্ৰাইকৰ পাছত পাকিস্তানত উত্তেজনা বৃদ্ধি পাইছিল । ইয়াৰ দ্বাৰা পাকিস্তানৰ অনৈতিক কামবোৰ বিশ্ববাসীৰ সন্মুখত পোহৰলৈ আহিছিল ।

ম্যানমাৰত আক্ৰমণ :

২০১৫ চনৰ জুন মাহত মণিপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ১৮ গৰাকী সৈনিক শ্বহীদ হৈছিল । ইয়াৰ পাছতে ২১ পেৰা কমাণ্ডোৱে সীমান্ত পাৰ হৈ ম্যানমাৰত উগ্ৰপন্থী সংগঠন NSCN ৰ কেইবাজনো উগ্ৰপন্থীক হত্যা কৰে । তেতিয়া ২১ পেৰা তৃতীয় কৰ্পৰ অধীনত আছিল, যাক বিপিন ৰাৱাটে নেতৃত্ব দিছিল ।

সেনাত যোগদানৰ বাবে পিতৃৰ পৰা পাইছিল অনুপ্ৰেৰণা :

সেনাবাহিনীত তেওঁৰ সেৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ উত্তৰ যুদ্ধ সেৱা পদক, এভিএছএম, যুদ্ধসেৱা পদক, সেনা পদক, বৈদেশিক সেৱা পদক লাভ কৰে । জেনেৰেল ৰাৱাটৰ পিতৃ সেনাৰ লেফটেনেণ্ট জেনেৰেল আছিল আৰু ১৯৮৮ চনত উপ-সেনাপ্ৰধানৰ পদৰ পৰা অৱসৰ লৈছিল । তেওঁৰ নাম আছিল লক্ষ্মণ সিং ৰাৱাট । বিপিন ৰাৱাটে তেওঁৰ পিতৃৰ পৰা সেনাত যোগদান কৰাৰ অনুপ্ৰেৰণা পাইছিল ।

চিডিএছ বিপিন ৰাৱাটৰ সফলতা :

ম্যানমাৰত নগা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক সফল হৈছিল । ম্যানমাৰৰ চাৰ্জিকেল ষ্ট্ৰাইক দলটোৰ নেতৃত্ব দিছিল বিপিন ৰাৱাটে । জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰাৱাটে ।

সন্ত্ৰাসবাদী বুৰহান ৱানীকে ধৰি হিজবুল, লস্কৰ, জৈইচৰ কেইবাজনো শীৰ্ষ কমাণ্ডাৰ নিহত হৈছিল । অনুচ্ছেদ ৩৭০ বাতিলৰ পাছত জম্মু-কাশ্মীৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় । অনুপ্ৰৱেশ বন্ধ কৰা হয় । বিপিন ৰাৱাটে পাকিস্তানক কঠোৰ ভাষাৰে সঁহাৰি দিয়াত গুৰুত্ব দিছিল । ইটিভি ভাৰতৰ তৰফৰ পৰাও জেনেৰেল বিপিন ৰাৱাটৰ জন্মদিনত অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল ।

লগতে পঢ়ক :জনপ্ৰিয়তা আৰু বিতৰ্কৰ মাজেৰে কাশ্মিৰী পণ্ডিতৰ প্ৰসংগৰে The Kashmir Files

ABOUT THE AUTHOR

...view details