অসম

assam

By

Published : Nov 6, 2021, 10:09 AM IST

ETV Bharat / bharat

আজি ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক ‘ভাই ফোঁটা’

আজি ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক ‘ভাই ফোঁটা’ ৷ ইয়াৰ আঁৰৰ বিশ্বাস আছে যে যম দ্বিতীয়াৰ দিনা ভায়েক বা ককায়েকক গালি বা অভিশাপ দিলে তেওঁলোকৰ যমলৈ (মৃত্যু) ভয় নাথাকে ৷

today-is-bhai-dooj-know-the-auspicious-time-of-worship
আজি ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক ‘ভাই ফোটা’

নিউজ ডেস্ক, 6 নৱেম্বৰ : ‘ভাই দুজ’ বা ‘ভাই ফোঁটা’ ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক ৷ গোৱৰ্ধন পূজাৰ পিছৰ দিনা দেশৰ বিভিন্ন প্ৰান্তত এই উৎসৱটি উদযাপন কৰা হয় ৷

কেনেদৰে পালন কৰিব ‘ভাই ফোঁটা’ৰ পূজা ?

পূজাৰ বাবে এখন থালত পূজাৰ সকলো সামগ্ৰী ৰখা হয় ৷ থালত ৰখা সামগ্ৰীসমূহৰ ভিতৰত থাকে হালধি আৰু চূণৰ মিশ্ৰণ, ফল, ফুল, তামোল, চন্দন, বুট, প্ৰসাদ আৰু মিঠাই ৷ বিহাৰত ভাই ফোঁটাৰ দিনটোত বিশেষকৈ ভনীয়েকে ককায়েকসকলক পৰম্পৰাগতভাৱে বাজৰা খাবলৈ দিয় ৷ বিশ্বাস কৰা হয় ইয়াৰ দ্বাৰা ভায়েক/ককায়েকসকল শক্তিশালী হৈ উঠে ৷

ভনীয়েকসকলে নিজৰ জিভাত কাঁইট বিন্ধাই ভগৱানৰ ওচৰত নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰে ৷ পূজাৰ পিছত ভায়েকক ফোঁট পিন্ধাই মিঠাই খুওৱা হয় ৷ ইয়াৰ পিছত ককায়েকে ভনীয়েকক আশীৰ্বাদ দিয়ে ৷ ইয়াৰ আঁৰৰ বিশ্বাস আছে যে যম দ্বিতীয়াৰ দিনা ভায়েক বা ককায়েকক গালি বা অভিশাপ দিলে তেওঁলোকৰ যমলৈ (মৃত্যু) ভয় নাথাকে ৷

পৌৰাণিক বিশ্বাস অনুসৰি ‘ভাই ফোঁটা’ৰ দিনা ভাতৃ-ভগ্নী দুয়োৱে গা ধুব লাগে ৷ ইয়াৰ পিছত ভনীয়েকসকলে ভায়েকৰ হৈ ইষ্ট দেৱতাক পূজা কৰিব লাগে ৷ যিটো চাউলৰ আটাৰ পৰা বৰ্গলৈ প্ৰস্তুত কৰা হয় । ভায়েকক ইয়াত বহিবলৈ দিয়া হয় । ইয়াৰ পিছত ভায়েকৰ হাতৰ তলুৱাত চাউলৰ প্ৰলেপ লগোৱা হয় । তাৰ পিছত ভায়েকৰ ওপৰত ৰঙালাওৰ ফুল, পাণ, তৰল আদি দি লাহে লাহে হাতৰ পৰা পানী এৰি দিয়া হয় ।

‘ভাই ফোঁটা’ৰ সৈতে এটি পৌৰাণিক কাহিনী জড়িত হৈ আছে ৷ কাহিনী অনুসৰি আজিৰ দিনটোত মৃত্যুৰ দেৱতা যমৰাজে ভগ্নী যমুনাই তেওঁক কেইবাবাৰো মতাৰ পিছত তেওঁৰ ঘৰলৈ গৈছিল ৷ নিজৰ ঘৰলৈ ককায়েক অহাৰ বাবে যমুনা আনন্দত আত্মহাৰা হৈ পৰিছিল ৷

যমুনাই ককায়েক যমক খুওৱাই-বোৱাই তেওঁক ফোঁট পিন্ধাই দীৰ্ঘায়ু কামনা কৰে ৷ ভনীয়েকৰ সেৱা-শুশ্ৰুষাত সন্তুষ্ট হৈ ভনীয়েক যমুনাক বৰ বিচাৰিবলৈ কয় ৷ তেতিয়া যমুনাই কয়, "আপুনি প্ৰতি বছৰে এই দিনটোত যেন মোৰ ঘৰলৈ আহে আৰু আজিৰ দিনটোত ভায়েকক তিলক কৰা ভনীয়েকে আপোনাক ভয় কৰিব নালাগিব" ৷ যমৰাজে যমুনাক খোজামতেই আশীৰ্বাদ কৰে । কোৱা হয় যে এইটো সেই দিন যেতিয়াৰ পৰা ভাই দুজ পৰ্ব আৰম্ভ হৈছিল ।

লগতে পঢ়ক :সত্র নগৰী মাজুলীত ৰাস মহোৎসৱৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details