অসম

assam

ETV Bharat / bharat

টুইটাৰ ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ দাবী NSUI আৰু যুৱ কংগ্ৰেছৰ - দিল্লীৰ ধৰ্ষণ কাণ্ড

টুইটাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী(Rahul Gandhi)ৰ একাউণ্ট অস্থায়ীভাৱে বন্ধ কৰি ৰখাক লৈ ক্ষোভিত হৈ পৰিছে ভাৰতীয় যুৱ কংগ্ৰেছ(Indian Youth Congress) আৰু নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন অৱ ইণ্ডিয়া(NSUI) । সোমবাৰে টুইটাৰ ইণ্ডিয়াৰ বিৰুদ্ধে যুৱ কংগ্ৰেছ(Indian Youth Congress) আৰু নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন অৱ ইণ্ডিয়া(NSUI)ই প্ৰতিবাদ সাব্যস্ত কৰিব । দিল্লীৰ ধৰ্ষণ কাণ্ড সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা টুইটটো শুকুৰবাৰে টুইটাৰে আঁতৰাই পেলায় ।

Today Indian Youth Congress, NSUI will protest against Twitter India
সোমবাৰে টুইটাৰ ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব NSUI আৰু যুৱ কংগ্ৰেছে

By

Published : Aug 9, 2021, 10:41 AM IST

নেশ্যনেল ডেস্ক, ৯ আগষ্ট: সোমবাৰে টুইটাৰ ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদত নামিব ভাৰতীয় যুৱ কংগ্ৰেছ(Indian Youth Congress) আৰু নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন অৱ ইণ্ডিয়া(NSUI) । কংগ্ৰেছৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধী(Rahul Gandhiৰ টুইটাৰ একাউণ্ট অস্থায়ীভাৱে বন্ধ কৰি ৰখাৰ বাবে টুইটাৰ ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ৷

সূত্ৰটোৱে জনোৱা মতে, টুইটাৰ ইণ্ডিয়াই নিষেধাজ্ঞা আৰোপ কৰিলেও অন্যান্য সামাজিক মাধ্যমৰ জৰিয়তে ৰাহুল গান্ধীয়ে মতামত আগবঢ়াই যাব আৰু জনতাৰ হৈ মাত মাতি যাব । উল্লেখ্য যে, দিল্লীত এগৰাকী ৯ বছৰীয়া কিশোৰী ধৰ্ষণৰ বলি হোৱাৰ পিছত ৰাহুল গান্ধীয়ে কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ সৈতে নিজৰ ফটো শ্বেয়াৰ কৰিছিল ।

ভুক্তভোগীৰ আত্মীয়ৰ ফটো শ্বেয়াৰ কৰাৰ পাছতে বহুতেই তেওঁৰ বিৰুদ্ধে অভিযোগ তুলিছিল । দিল্লীৰ এগৰাকী অধিবক্তাই কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । পাছত শুকুৰবাৰে টুইটাৰে এই বিতৰ্কিত টুইট আঁতৰাই দিয়ে আৰু শনিবাৰে কংগ্ৰেছৰ এক সূত্ৰই জানিবলৈ দিয়ে যে, ৰাহুল গান্ধীৰ টুইটাৰ একাউণ্ট অস্থায়ীভাৱে বন্ধ কৰি ৰখা হৈছে ।

সেয়ে টুইটাৰ ইণ্ডিয়াৰ বিৰোধিতাৰে সোমবাৰে টুইটাৰ কাৰ্যালয়ৰ বাহিৰত ভাৰতীয় যুৱ কংগ্ৰেছে(Indian Youth Congress) প্ৰতিবাদ সাাব্যস্ত কৰিব । আনহাতে, নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন অৱ ইণ্ডিয়া(NSUI)ই সংসদ ভৱনৰ ওচৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, যোৱা ৪ আগষ্টত ৰাহুল গান্ধীয়ে ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰিছিল । ইয়াৰ পাছতে টুইটযোগে কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ সৈতে নিজৰ ফটো শ্বেয়াৰ কৰি ন্য়ায়ৰ দাবী জনাইছিল । লগতে ন্যায় লাভৰ এই যুঁজত পৰিয়ালটোক সমৰ্থন আগবঢ়াই যাব বুলিও তেওঁ টুইটত উল্লেখ কৰিছিল ।

এতিয়া এই টুইটটোক লৈ অভিযোগ উত্থাপন হোৱাৰ পাছতে বিপদত পৰিছে কংগ্ৰেছ নেতাগৰাকী । প্ৰতিদিনে কেন্দ্ৰক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰি অহা ৱায়ানাডৰ সাংসদগৰাকীয়ে বিগত দুদিন ধৰি টুইট কৰিব পৰা নাই । ৰাহুল গান্ধীৰ টুইটাৰ একাউণ্ট স্থগিত কৰাৰ পাছতে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু টুইটাৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে । আনহাতে, কংগ্ৰেছ কৰ্মীসকলে "ময়ো ৰাহুল"ৰ শীৰ্ষক ট্ৰেণ্ড আৰম্ভ কৰাও পৰিলক্ষিত হৈছে ।

কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে যে, টুইটাৰৰ জৰিয়তে ভুক্তভোগীৰ পৰিয়ালৰ ফটো শ্বেয়াৰ কৰাৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে, কিন্তু ৰাষ্ট্ৰীয় অনুসূচীত জাতি আয়োগেও একে ধৰণৰ ফটো শ্বেয়াৰ কৰাৰ পাছতো কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । দেওবাৰে কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই টুইটযোগে প্ৰকাশ কৰে যে, ফটোখন ৰাহুল গান্ধীয়ে আগতে টুইটযোগে শ্বেয়াৰ কৰিছিল আৰু লিখিছিল যে, দলিতৰ কন্যাক ন্যায় দিয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন চৰকাৰে সহানুভূতি আৰু ন্যায়ৰ দাবী জনোৱা কণ্ঠ দমন কৰাৰ ষড়যন্ত্ৰ কৰিছে ।

এনে ধৰণৰ কামেৰে কংগ্ৰেছ নেতাজনৰ কণ্ঠৰুদ্ধ কৰিব নোৱাৰিব বুলিও তেওঁ মন্তব্য কৰে । ইয়াৰ পাছত আন এটা টুইটত সুৰজেৱালাই উল্লেখ কৰে যে, ২ আগষ্টত ৰাষ্ট্ৰীয় অনুসূচীত জাতি আয়োগে দিল্লীত ধৰ্ষণৰ বলি হোৱা কিশোৰীৰ পৰিয়ালক সাক্ষাৎ কৰে পিতৃ-মাতৃৰ ফটো টুইটযোগে শ্বেয়াৰ কৰে কৰে ।

এজন প্ৰাক্তন বিজেপি সাংসদ আৰু উচ্চতম ন্যায়ালয় আয়োগৰ সদস্যই ৩ আগষ্টত টুইটাৰত কিশোৰীগৰাকীৰ অভিভাৱকৰ ফটো শ্বেয়াৰ কৰিছিল । ৰাহুল গান্ধীয়ে ভুক্তভোগীৰ বাবে ন্যায় বিচৰাটো অপৰাধ নেকি বুলিও সুৰজেৱালাই প্ৰশ্ন উত্থাপন কৰে । সুৰজেৱালাই ৰাষ্ট্ৰীয় অনুসূচীত জাতি আয়োগৰ আনুষ্ঠানিক টুইট আৰু আয়োগৰ সদস্যা তথা বিজেপি নেতা অঞ্জু বালাৰ টুইটৰ স্ক্ৰীণশ্বটো শ্বেয়াৰ কৰিছে । এই স্ক্ৰীণশ্বটত স্পষ্টকৈ দেখা পোৱা গৈছে কিশোৰীগৰাকীৰ অভিভাৱকক ।

ইফালে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে টুইটাৰৰ এই কাৰ্যক সমালোচনা কৰে । একেটা ভুলৰ বাবে দুজন ব্যক্তিৰ এজনৰ বিৰুদ্ধে টুইটাৰে ব্যৱস্থা গ্ৰহণ কৰা আনজনৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰশ্ন উত্থাপন কৰে । লগতে টুইটাৰ ইণ্ডিয়াই মোডী চৰকাৰলৈ ভয় কৰে বুলি কটাক্ষ কৰে । ইফালে, এনএছইউআইৰ প্ৰধান নীৰজ কুন্দনে দেওবাৰে কয় যে, বিজেপি চৰকাৰ "ভাবুকিৰ ৰাজনীতি"ৰ শীৰ্ষত আছে আৰু তেওঁলোকে টুইটাৰক ৰাহুল গান্ধীৰ একাউণ্ট স্থগিত ৰাখিবলৈ হেঁচা প্ৰয়োগ কৰি আছে ।

তেওঁ কয় যে, কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে সকলো ধৰণে প্ৰতিবাদ কৰিব । ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিয়ে কয় যে, "টুইটাৰ ইণ্ডিয়াই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি কাম কৰি আছে । টুইটাৰে কেৱল ৰাহুল গান্ধীৰ একাউণ্ট অৱৰোধ কৰিব পাৰে, কিন্তু দৰিদ্ৰ আৰু দলিতসকলৰ বাবে তেওঁৰ যুঁজ বন্ধ কৰিব নোৱাৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে । ৰাহুল গান্ধীয়ে দৰিদ্ৰ, দলিত আৰু দেশৰ সাধাৰণ জনতাৰ বাবে যুঁজ অব্যাহত ৰাখিব বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে : অভিষেক বেনাৰ্জী

ABOUT THE AUTHOR

...view details