গোটা শস্য, ফল-মূল আৰু শাক-পাচলিৰ দৰে আঁহযুক্ত খাদ্য খালে পাচন শক্তি বৃদ্ধি পাব পাৰে । প্ৰায়ে মানুহে পাচনতন্ত্ৰৰ সমস্যাত ভুগিবলগীয়া হয়, যিবোৰৰ পেটৰ সমস্যাৰ লক্ষণ যেনে বিষ, ফুলা, গেছ, ডায়েৰিয়া আৰু কোষ্ঠকাঠিন্যৰ লক্ষণ দেখা যায় ।
বিশেষজ্ঞসকলৰ মতে, এই খাদ্যবোৰ হজম শক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ-
প্ৰ'বায়টিক থকা খাদ্যই অন্ত্ৰত স্বাস্থ্যকৰ বেক্টেৰিয়াৰ ভাৰসাম্য ৰক্ষা কৰাত আৰু সেইবোৰক ক্ষতিকাৰক বেক্টেৰিয়াৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে । এই খাদ্যবোৰ আহাৰত অন্তৰ্ভুক্ত কৰিলে বহুতো ৰোগ পৰিহাৰ কৰিব পাৰে(Best Ways to Improve Your Digestion Naturally)। পেটৰ ৰোগ যেনে গেছ আৰু পেট ফুলা আদিৰ পৰা সকাহ দিব পাৰে-
গোটা শস্য
গোটা শস্য যেনে বাৰ্লি, ব্ৰাউন ৰাইচ, কুইনোয়া, পপকৰ্ণ পাচন শক্তিৰ বাবে অতি উপকাৰী । ইয়াত প্ৰ'বায়টিক থাকে অৰ্থাৎ এই খাদ্যবোৰ ভাল বেক্টেৰিয়াৰে ভৰি থাকে । গোটা শস্যই অন্ত্ৰৰ গতিৰ ক্ৰিয়া সহজ কৰি তোলে । যিয়ে কোষ্ঠকাঠিন্যৰ পৰা উপশম দিয়ে ।
ফল খালে পাচন হৈ পৰে
আপেল, নাচপতি, কল, অমিতা আপোনাৰ হজম শক্তিৰ বাবে সৰ্বোত্তম ফল । আঁহ ইয়াত পৰ্যাপ্ত পৰিমাণে পোৱা যায় । ইয়াত আন ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিয়ে হজম শক্তিত সহায় কৰে । নিয়মিতভাৱে ফল-মূলে মলত্যাগৰ ক্ৰিয়াত সহায় কৰে ।
তেলীয়া খাদ্য