নেচনেল ডেস্ক,২৪ জুলাই :শ্ৰীলংকাত অৰ্থনৈতিক সংকট অব্য়াহত আছে (Crisis in Sri Lanka) । দেশখনৰ জনতাই অৰ্থনৈতিক সংকট সন্মুখীন হোৱাৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে । ৰাষ্ট্ৰখনে এগৰাকী নতুন ৰাষ্ট্ৰপতি লাভ কৰিছে যদিও জনতাৰ মাজত ক্ষোভৰ দাবানল এতিয়াও জ্বলি আছে । সেই বাবে সকলোৰে পৰা বিচাৰিছে সহযোগতা ।
চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতে বিগত সময়ত শ্ৰীলংকালৈ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছে (Tamil Nadu government helps Sri Lanka)। তামিলনাডু চৰকাৰেও এইক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে । ইয়াৰে অংশ ৰূপে তামিলনাডু চৰকাৰে শনিবাৰে অৰ্থনৈতিক সংকটগ্ৰস্ত শ্ৰীলংকালৈ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰে ।ডিএমকেৰ সাংসদ কানিমোঝিয়ে ৰাজ্যিক মন্ত্ৰীসকলৰ উপস্থিতিত ইয়াত থকা ভিঅ'চি বন্দৰৰ পৰা সামগ্ৰী প্ৰেৰণৰ ফ্লেগ অফ কৰে (DMK MP Kanimozhi flagging off )।
এই অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত চাউল আৰু ঔষধ অন্তৰ্ভুক্ত কৰা হৈছে । তামিলনাডু চৰকাৰে প্ৰায় 74 কোটি টকাৰ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰা বুলি চৰকাৰী সূত্ৰই সদৰি কৰিছে ।