চেন্নাই, 25 এপ্ৰিল : সোমবাৰে তামিলনাডু বিধানসভাই ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তি প্ৰদানৰ বাবে এখনি বিধেয়ক গ্ৰহণ কৰে ৷ উচ্চ শিক্ষামন্ত্ৰী কে পনমুডিয়ে ৰাজ্য চৰকাৰক বিশ্ববিদ্যালয়সমূহত উপাচাৰ্যক নিযুক্তি প্ৰদানৰ বাবে অনুমতি প্ৰদান কৰিবলৈ তামিলনাডু বিশ্ববিদ্যালয়ে আইন প্ৰণয়নৰ বাবে এই বিধেয়কখন গ্ৰহণ কৰে (TN Assembly adopts bill facilitating State)৷
উল্লেখ্য যে, প্ৰাৰম্ভিক পৰ্যায়ত উক্ত বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছিল বিজেপি চৰকাৰে ৷ আনহাতে, বিৰোধী দল এআইএডিএমকেয়ে কংগ্ৰেছ বিধায়িনী দলৰ নেতা কে চেলভাপেৰুন্থাগাইয়ে (Congress Legislature Party leader K Selvaperunthagai) প্ৰয়াত মুখ্যমন্ত্ৰী জে.জয়াললিতাৰ (Late Chief Minister J Jayalalithaa) বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ পিছতে বিধেয়কখন গৃহীত হোৱাৰ পূৰ্বে তেওঁলোকে সদন ত্যাগ কৰিছিল ৷