নেশ্যনেল ডেস্ক, 5 জানুৱাৰী:শনিবাৰে নিশা পশ্চিমবংগৰ বীৰভূমৰ মাৰ্গ্ৰাম হাস্পতালৰ সমীপত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় (Bomb blast in Birbhum) ৷ এই বিস্ফোৰণৰ ঘটনাত এজন তৃণমূল কংগ্ৰেছৰ (Trinamool Congress) কৰ্মীৰ মৃত্যু হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয় (One death in Birbhum Blast)৷ মৃত ব্যক্তিজনক নিউটন শ্বেখ (25) বুলি চিনাক্ত কৰা হৈছে ৷ লোকজনক চিকিৎসালয়লৈ নি থকাৰ পথতে তেওঁৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷
ইয়াৰৰোপৰি আহত লোকগৰাকী তৃণমূল কংগ্ৰেছৰ পঞ্চায়তৰ মুৰব্বী ভুট্টো শ্বেখৰ ভাতৃ লাল্টু শ্বেখ বুলি চিনাক্ত কৰা হৈছে ৷ এই ঘটনাৰ পিচতে মৃত লোকজনৰ পৰিয়ালে এই ঘটনা সংঘটিত কৰাৰ আঁৰত কংগ্ৰেছৰ লোকৰ হাত আছে বুলি দাবী উত্থাপন কৰে (Congress miscreants) ৷ কংগ্ৰেছৰ দলৰ দুৰ্বৃত্তই বোমা নিক্ষেপ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল (Congress blamed for blast) ৷
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ পিচতে বোমাৰ বিস্ফোৰণৰ মূল অভিযুক্ত ছুজাউদ্দিনৰ লগতে আন পাঁচজনক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত জানিবলৈ দিয়ে যে, এইটো পূৰ্ব পৰিকল্পিত আক্ৰমণ আছিল ৷ তৃণমূল কংগ্ৰেছৰ কৰ্মী দুজনক হত্যা কৰাৰ উদ্দেশ্যৰে বোমাটো নিক্ষেপ কৰা হৈছিল ৷ যদিও এই ঘটনাত এজনৰ প্ৰাণ কথমপি ৰক্ষা পৰে ৷