আগৰতলা,৩ ছেপ্তেম্বৰ :ত্ৰিপুৰাত পুনৰ তৃণমূল কংগ্ৰেছৰ কৰ্মীক আক্ৰমণ । ত্ৰিপুৰাত যেতিয়াৰে পৰা তৃণমূল কংগ্ৰেছে নিজৰ স্থিতি স্থাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । তেতিয়াৰে পৰা দেখা গৈছে তৃণমূলৰ কৰ্মীসকল আক্ৰমণৰ বলি হ'ব ধৰিছে । প্ৰতিবাৰেই বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয় ।
তৃণমূলৰ শীৰ্ষ নেতৃত্ব ত্ৰিপুৰাত উপস্থিত হোৱাৰ সময়তে এই ধৰণৰ হিংসাত্মক আক্ৰমণৰ ঘটনা সংঘটিত হোৱা দেখা যায় । এইবাৰ তৃণমূলৰ নেত্ৰী সুস্মিতা দেৱ (Sushmita Dev) ত্ৰিপুৰাত উপস্থিত হোৱাৰ পাছতে পুনৰ তৃণমূলৰ কৰ্মীক আক্ৰমণ কৰে দুৰ্বৃত্তই । ত্ৰিপুৰেশ্বৰী মন্দিৰ (Tripureswari temple) দৰ্শনৰ বাবে গৈছিল সুস্মিতা দেৱ ।
সুস্মিতা দেৱৰ লগত যোৱা দুই সমৰ্থকক আক্ৰমণ কৰে কোনো দুবৃত্তই । তৃণমূল কংগ্ৰেছে অভিযোগ কৰা মতে এই আক্ৰমণ বিজেপিয়ে কৰিছে । বৃহস্পতিবাৰে নিশা আঘাতপ্ৰাপ্ত সমৰ্থক দুগৰাকীক আগৰতলাৰ জিবিপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।