অসম

assam

ETV Bharat / bharat

পশ্চিম বংগত নিৰ্বাচনী হিংসা:তৃণমূলৰ কৰ্মীক বিজেপি কেডাৰে হত্যা কৰাৰ অভিযোগ - পশ্চিম বংগ নিৰ্বাচন

পশ্চিম বংগত সংঘটিত হৈছে নিৰ্বাচনী হিংসাৰ ঘটনা ৷ এগৰাকী তৃণমূল কংগ্ৰেছ দলৰ কৰ্মীক বিজেপি দলৰ কেডাৰে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

TMC worker allegedly killed in Bengal's Jhargram
পশ্চিম বংগত নিৰ্বাচনী হিংসা:তৃণমূলৰ কৰ্মীৰ বিজেপি কেডাৰে হত্যা কৰাৰ অভিযোগ

By

Published : Mar 22, 2021, 11:27 AM IST

Updated : Mar 22, 2021, 12:29 PM IST

নিউজ ডেস্ক, 22 মাৰ্চ:পশ্চিম বংগত সংঘটিত হৈছে নিৰ্বাচনী হিংসাৰ ঘটনা ৷ এগৰাকী তৃণমূল কংগ্ৰেছৰ কৰ্মীক বিজেপিৰ কেডাৰে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ দেওবাৰে নিশা পশ্চিম বংগৰ নেতুৰা বাছ আস্থানৰ সমীপত সংঘতিত হৈছে এই ঘটনা ৷ পৰৱৰ্তী সময়ত তৃণমূল কংগ্ৰেছৰ কৰ্মী দূৰ্গা চোৰেণক ঝাৰগ্ৰাম হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷

ঘটনা সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ দেৱাংশু ভট্টাচাৰ্যই কয় যে, ‘তেখেতক অৱচেতন অৱস্থাত পথৰ দাঁতিত উদ্ধাৰ কৰা হয় ৷ ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ আমি এই সন্দৰ্ভত আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছো ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কিমান ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ’ব ৷ মই এই বিষয়ে বিজেপি নেতাসকলৰ পৰাও জানিব বিচাৰো....প্ৰকৃততে তেওঁলোকৰ দ্বাৰা পৰিকল্পিত হত্যাকাণ্ডত মৃত্যু হোৱা তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ সংখ্যা কিমান ৷’

ইয়াৰ পিছতেই তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে ঝাৰগ্ৰামত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লোক মোতায়ন কৰা হয় ৷

লগতে পঢ়ক-পাঞ্জাৱৰ গুৰদাসপুৰত আটক এজন পাকিস্তানী লোক

Last Updated : Mar 22, 2021, 12:29 PM IST

ABOUT THE AUTHOR

...view details