আগৰতলা,৩০ অক্টোবৰ :ত্ৰিপুৰাত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিৰোধী দলৰ প্ৰতিবাদ অব্যাহত আছে । এইবাৰ তৃণমূল কংগ্ৰেছ দলে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । অহা ১৪ নৱেম্বৰত ৰাজ্যখনত তৃণমূল কংগ্ৰেছে বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব (TMC to hold protest in Tripura)।
সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰিছে ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত ৰাজীব বেনাৰ্জীয়ে । বেনাৰ্জীয়ে অভিযোগ কৰা মতে ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতিৰ যথেষ্ট অৱনতি ঘটিছে (Law and order situation in Tripura)। তেওঁ দাবী কৰা মতে উত্তৰ-পূবত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত ত্ৰিপুৰা দ্বিতীয় স্থানত আছে (Crime against woman in Tripura) ৷
তেওঁ উল্লেখ কৰা মতে যোৱা কেইদিনমানৰ পৰা ৰাজ্যজুৰি যিধৰণে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈ আছে সেয়া সঁচাকৈয়ে অতি দুৰ্ভাগ্যজনক (Gang rape in Tripura)। বেনাৰ্জীয়ে অভিযোগ কৰা মতে এই দলবদ্ধ ধৰ্ষণৰ ঘটনাবোৰত বহুতো বিজেপি নেতা আৰু কৰ্মী জড়িত হৈ আছে । তৃণমূল নেতাগৰাকীয়ে দাবী কৰা মতে যোৱা আঢ়ৈ বছৰত ত্ৰিপুৰা চৰকাৰৰ প্ৰতিবেদন অনুসৰি মহিলাৰ বিৰুদ্ধে অপৰাধৰ ২,০০০ ৰো অধিক গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তাৰ ভিতৰত ৩৮১ টা ধৰ্ষণৰ গোচৰ আছে ।