মেঘালয়,১৬ ফেব্ৰুৱাৰী :অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মেঘালয়ৰ বিধানসভা নিৰ্বাচন (Meghalaya Assembly Election 2023)। প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । এইবাৰ তৃণমূল কংগ্ৰেছ দলেও মেঘালয়ত নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছে । নিজৰ স্থিতি স্পষ্ট কৰাৰ উদ্দেশ্যে দলটোৱে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে (Election campaign in Meghalaya) ।
বুধবাৰে তৃণমূল কংগ্ৰেছ দলে এক বিশাল পদযাত্ৰাৰ আয়োজন কৰে (TMC rally in Meghalaya)। য'ত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে অংশগ্ৰহণ কৰে । মেঘালয়ৰ তুৰাত তৃণমূল কংগ্ৰেছে এই পদযাত্ৰাৰ আয়োজন কৰে । তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা লোকসভাৰ সদস্য অভিষেক বেনাৰ্জীয়ে এই পদযাত্ৰাৰ নেতৃত্ব দিয়ে (Abhishek Banerjee at Meghalaya)।
পদযাত্ৰাত তেওঁক সংগ দিয়ে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাকে ধৰি বহু কেইগৰাকী তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী । তুৰাৰ হাৱাখানাৰ পৰা তুৰা বজাৰলৈ এই পদযাত্ৰাৰ লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে এখন নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজক সম্বোধন কৰে (Abhishek Banerjee election campaign in Meghalaya)।
পদযাত্ৰাৰ সামৰণিত তুৰা বজাৰত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে । এই ভাষণ প্ৰসংগত সম্পাদকগৰাকীয়ে কয় যে, কিছু মাহৰ পূৰ্বে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই তৃণমূল কংগ্ৰেছৰ অস্তিত্ব নাই বুলি দাবী কৰিছিল কিন্তু বৰ্তমান তেওঁ পুৱাৰে পৰা গধুলিলৈকে তেওঁৰ মুখত কেৱল তৃণমূল কংগ্ৰেছৰ প্ৰসংগ । তেওঁৰ ভাষণৰ জৰিয়তে তৃণমূল কংগ্ৰেছক কেৱল আক্ৰমণ কৰি থাকে মুখ্যমন্ত্ৰীগৰাকীয়ে ।