অসম

assam

ETV Bharat / bharat

ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে ৰাজপথত নামিল মমতা দিদি - চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল

কলকাতাৰ ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ৰ প্ৰতিকৃতি দাহ কৰিলে তৃণমূল কংগ্ৰেছে(Trinamool Congress) । ইন্ধনৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত দেওবাৰে কলকাতাৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দলটোৰ নেতা-কৰ্মীসকলে । পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰে দলটোৱে ।

TMC protests against fuel price hike in Kolkata
কলকাতাত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Oct 25, 2021, 11:07 AM IST

নেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ: পেট্ৰ'ল আৰু ডিজেলৰ বৰ্ধিত মূল্যই ৰামটাঙোন শোধাইছে সাধাৰণ ৰাইজক । পেট্ৰ'লৰ মূল্যই ইতিমধ্যেই স্পৰ্শ কৰিছে ১০০ ঘৰ । এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাই কোনো সুফল পোৱা নাই দেশবাসীয়ে । ইয়াৰ পাচতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ নিৰ্বিকাৰ হৈ থকাক লৈ ক্ষুদ্ধ হৈ পৰিছে বিৰোধী দল আৰু বিভিন্ন সংগঠন ।

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনাই দেশজুৰি অব্যাহত আছে প্ৰতিবাদ । দেওবাৰে কলকাতাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে তৃণমূল কংগ্ৰেছে(Trinamool Congress) । এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে মহানগৰখনৰ বিভিন্ন স্থানত তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে । লগতে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে কলকাতাৰ ৰাজপথ ।

ইন্ধনৰ মূল্যবৃদ্ধি বাছ মালিকসকলকো বিপদত পেলাইছে । দেওবাৰে মধ্য কলকাতাৰ মহম্মদ আলী পাৰ্ক অঞ্চলত বাছ-মিনিবাছ অপাৰেটৰ কমিটিৰ সদস্যসকলে প্ৰতিবাদৰ অংশস্বৰূপে ডানলপ আৰু এস্প্লেনেডৰ মাজত চলাচল কৰা এখন ব্যক্তিগত বাছ ৰচীৰে বান্ধি টানি লৈ যায় ।

প্ৰতিবাদকাৰীসকলে কয় যে, বৰ্তমান বাছ চলোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছে । নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে পেট্ৰ'ল-ডিজেলৰ বৰ্ধিত মূল্য ৰোধ কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । সেয়ে সংগঠনটোৱে ৰচীৰে বাছ টানি লৈ গৈ ক্ষোভ প্ৰকাশ কৰিছে । আনহাতে, তৃণমূল কংগ্ৰছৰ সমৰ্থকসকলে ফুলেৰে সজোৱা এটা খালী ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

মধ্য কলকাতাৰ আন এক স্থানত তেওঁলোকে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিকৃতি দাহ কৰে । ইফালে মানিকতলাত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুনাল ঘোষৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে'কাৰ্ড লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ।

কুনাল ঘোষে কয় যে, দেশত কেইবামাহো ধৰি ইন্ধনৰ মূল্য বৃদ্ধি পাই আহিছে, কিন্তু বিজেপি চৰকাৰে জনসাধাৰণৰ দুৰ্দশাক লৈ চিন্তিত নহয় । উল্লেখ্য যে, দেওবাৰে কলকাতাত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০৮.১১ টকা আছিল । আনহাতে চহৰখনত দেওবাৰৰ দিনটোত ডিজেল প্ৰতি লিটাৰত ৯৯.৪৩ টকাত বিক্ৰী হয় । ৰাজ্যখনৰ কেইবাখনো জিলাত ডিজেলৰ মূল্যই ইতিমধ্যে শতকৰ ঘৰ অতিক্ৰম কৰিছে ।

লগতে পঢ়ক: মন কী বাত অনুষ্ঠানে যুৱ প্ৰজন্মক ৰাষ্ট্ৰ সেৱাৰ বাবে অনুপ্রাণিত কৰিছে

ABOUT THE AUTHOR

...view details