আগৰতলা, ২৯ অক্টোবৰ :আগৰতলাত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী (Trinamool Congress protest rally in Agartala) । ত্ৰিপুৰাত আইন-শৃংখলা পৰিস্থিতি সম্পূৰ্ণৰূপে বিফল হোৱাৰ প্ৰতিবাদত শুকুৰবাৰে আগৰতলাত তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাৰ পদত্যাগ দাবী কৰি এক প্ৰতিবাদী সমদল উলিয়ায় (TMC urges resignation of Manik Saha) ।
সমদলটো আৰম্ভ কৰাৰ পূৰ্বে টিএমচিৰ সাংসদ সুস্মিতা দেৱে (TMC MP Sushmita Dev) কয় যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে এফালে সুশাসন অভিযান আৰম্ভ কৰিছে, আনফালে বাতৰিকাকতৰ শিৰোনামসমূহে আমাক আইন-শৃংখলাৰ প্ৰকৃত পৰিস্থিতি দেখুৱাইছে (CM of Tripura Manik Saha) ।
"দুজন লোকৰ গুলীৰ আঘাতত আঘাতপ্ৰাপ্ত হৈছে । আমি নাজানো যে এইটো ঠিকাদাৰৰ সৈতে সম্পৰ্কিত বিবাদ হয়নে নহয় । বৰ্তমান বিগত সাত দিনত তিনিটা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে । লগতে আমি এনে উদাহৰণো পাইছো য'ত আৰক্ষীয়ে আনকি এজাহাৰ পঞ্জীয়ন কৰিবলৈও সাজু নহয় ।" সুস্মিতা দেৱে কয় (TMC protest rally over law and order in Tripura) ।