নেশ্যনেল ডেস্ক, 22 নৱেম্বৰ :ৰাজধানী দিল্লীত গৃহমন্ত্ৰণালয়ৰ সন্মুখত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ সাংসদসকলৰ ৷ ত্ৰিপুৰাত আৰক্ষীৰ বৰ্বৰতা (alleged police brutality in Tripura) আৰু ত্ৰিপুৰা তৃণমূল কংগ্ৰেছৰ যুৱ মৰ্চাৰ (Tripura Trinamool Youth Congress) সভানেত্ৰী সায়নী ঘোষৰ গ্ৰেপ্তাৰৰ বিৰোধীতৰে TMCৰ সাংসদ, দলীয় নেতাৰ লগতে কৰ্মীসকলে মিলিত হৈ সাব্যস্ত কৰিছে প্ৰতিবাদ ৷
তৃণমূল কংগ্ৰেছৰ 16 গৰাকী সাংসদৰ লগতে, ডেৰেক অ’ব্ৰেইন, সুখেন্দু শেখৰ ৰয়, সান্তনু সেন, মালা ৰয় সোমবাৰে উপস্থিত দিল্লীৰ দলীয় কাৰ্যলয়ত ৷ ত্ৰিপুৰাত আৰক্ষীৰ বৰ্বৰতা (alleged police brutality in Tripura) সন্দৰ্ভত আলোচনা কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎৰ বাবে অনুমতি বিচাৰিছে প্ৰতিবাদকাৰী সাংসদসকলে ৷