নেশ্যনেল ডেস্ক, ২২ জুলাই :পেগাচাছ (Pegasus) প্ৰসংগক লৈ উত্তাল ৰাজ্যসভাৰ সদন । পেগাচাছক লৈ হুলস্থুলীয়া পৰিৱেশৰ সূচনা হয় চলিত অধিৱেশনত ৷ যাৰ বাবে বৃহস্পতিবাৰে অধিৱেশন পুৱা ১১ বজালৈ স্থগিত ৰখা হয় ।
কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী (IT minister) অশ্বিনী বৈষ্ণৱে পেগাছাছ বিতৰ্কৰ ওপৰত স্বতঃস্ফূৰ্তভাৱে মন্তব্য কৰিছিল । তাৰ মাজতে তৃণমূল কংগ্ৰেছৰ কেইজনমান সাংসদে মন্ত্ৰীগৰাকীৰ হাতৰ পৰা কাগজ-পত্ৰ লৈ ছিঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে । আনকি কাগজৰ টুকুৰাবোৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙৰ ফালে দলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে । সাংসদসকলৰ এনে কাৰ্যক লৈ সম্প্ৰতি প্ৰতিক্ৰিয়া অব্যাহত আছে ৷
তেওঁলোকৰ এই কাৰ্যক সমালোচনা কৰি বিজেপি সাংসদ স্বপ্ন দাসগুপ্তই ইয়াক সম্পূৰ্ণৰূপে অপ্ৰত্যাশিত আচৰণ বুলি অভিহিত কৰে ।
দাসগুপ্তই উল্লেখ কৰে যে, মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এক বিবৃতি প্ৰদান কৰে । সেই বিষয়ত প্ৰশ্ন কৰাৰ অধিকাৰ সকলোৰে আছে । কিন্তু বিতৰ্কলৈ যোৱাৰ পৰিৱৰ্তে সদনৰ ভিতৰত এনে কাৰ্য কৰাটো গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । আনকি এনে কাৰ্য একপ্ৰকাৰ গুণ্ডামি নেকি বুলিও প্ৰশ্ন কৰে সাংসদ দাসগুপ্তাই ।