অসম

assam

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 6:01 PM IST

ETV Bharat / bharat

cash for query controversy : ধনৰ বিনিময়ত প্ৰশ্ন বিতৰ্ক; মিডিয়া হাউছৰ বিৰুদ্ধে মানহানিৰ গোচৰ প্ৰত্যাহাৰ মহুৱা মৈত্ৰৰ

সাংসদ মহুৱা মৈত্ৰই দিল্লী উচ্চ ন্যায়ালয়ত মিডিয়া হাউছৰ বিৰুদ্ধে দাখিল কৰা মানহানিৰ গোচৰ প্ৰত্যাহাৰ কৰিছে । মঙলবাৰে তেওঁ আদালতক এই বিষয়ে অৱগত কৰে । অৱশ্যে বিজেপি সাংসদ নিশিকান্ত ডুবে আৰু অধিবক্তা জয় অনন্ত দেহাদ্ৰাইৰ বিৰুদ্ধে মানহানিৰ গোচৰ অব্যাহত থাকিব বুলিও জনায় ।

ধনৰ বিনিময়ত প্ৰশ্ন বিতৰ্ক
cash for query controversy

নিউজ ডেস্ক, ৩১ অক্টোবৰ :তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই মঙলবাৰে জনাইছে যে ধনৰ বিনিময়ত প্ৰশ্ন বিতৰ্ক সন্দৰ্ভত তেওঁ সংবাদ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে তৰা মানহানি গোচৰ প্ৰত্যাহাৰ কৰিছে । তেওঁ দিল্লী উচ্চ ন্যায়ালয়ক এই সন্দৰ্ভত সংবাদ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে হেঁচা প্ৰয়োগ নকৰিবলৈ আহ্বান জনায় । ন্যায়াধীশ শচীন দত্তৰ আদালতত মৈত্ৰৰ অধিবক্তাই কয় যে তেওঁ কেৱল বিজেপি সাংসদ নিশিকান্ত ডুবে আৰু অধিবক্তা জয় অনন্ত দেহৰাৰাইৰ বিৰুদ্ধেহে এই মানহানিৰ গোচৰ চলাব ।

আনহাতে, ডুবেৰ হৈ আদালতত উপস্থিত থকা অধিবক্তা অভিমন্যু ভাণ্ডাৰীয়ে আদালতক জনায় যে মহুৱাই এটা সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে তেওঁ ব্যৱসায়ী দৰ্শন হিৰানন্দনীক তেওঁৰ সংসদীয় লগইন আইডি আৰু পাছৱৰ্ড দিছিল । সেয়েহে তেওঁ নিজৰ গোচৰত অন্য কথা দাবী কৰি মিছা সাক্ষ্য দিছিল ।

আনহাতে, সংবাদ সংস্থা এটাৰ অধিবক্তা সিদ্ধান্ত কুমাৰে কয় যে যিহেতু মহুৱাই সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে সকাহ বিচৰা নাছিল, সেয়েহে তেওঁৰ এই স্থিতি প্ৰতিফলিত কৰিবলৈ তেওঁৰ গোচৰত সংশোধন কৰা উচিত । কিয়নো গোচৰত সংবাদ মাধ্যমৰ বিৰুদ্ধে অভিযোগ আছিল । আদালতে মহুৱা মৈত্ৰৰ অধিবক্তা সমুদ্ৰ সাৰংগীক সেই অনুসৰি পক্ষসমূহৰ বিৰুদ্ধে অভিযোগ সংশোধন কৰিবলৈ কয় আৰু বিষয়টো স্থগিত ৰাখে । গোচৰটোৰ পৰৱৰ্তী শুনানি ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে মহুৱা মৈত্ৰই ডুবে, দেহাদ্ৰাই আৰু কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে । তেওঁ ব্যৱসায়ী দৰ্শন হিৰানন্দনীক নগদ ধনৰ বিনিময়ত আদানি গোটৰ বিৰুদ্ধে সংসদত প্ৰশ্ন উত্থাপন কৰা সন্দৰ্ভত কৰা মানহানিকৰ অভিযোগবোৰ বাদ দিবলৈ আদালতৰ পৰা নিৰ্দেশনা বিচাৰিছে । গোচৰটোত মুঠ ১৫ টা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে ।

লগতে পঢ়ক :Mahua Moitra phone hack : মহুৱা মৈত্ৰৰ ফোন হেক কৰাৰ চেষ্টা চৰকাৰৰ !

ABOUT THE AUTHOR

...view details