নেশ্যনেল ডেস্ক,১০ নৱেম্বৰ :ধনৰ বিনিময়ত প্ৰশ্নৰ অভিযোগত ইতিমধ্যে লোকসভাৰ নৈতিকতা সমিতিয়ে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰক বহিষ্কাৰ কৰাৰ পৰামৰ্শ দিছে । ইয়াৰ পাছতে সাংসদগৰাকীয়ে সমিতিখনক তীব্ৰ সমালোচনা কৰিছে । তেওঁ প্ৰশ্ন কৰিছে চৰকাৰে প্ৰমাণ বিচৰাৰ পূৰ্বে সমিতিয়ে কেনেকৈ বহিষ্কাৰৰ পৰামৰ্শ দিব পাৰে । তেওঁ দাবী কৰা মতে বহিষ্কাৰৰ শেহতীয়া সিদ্ধান্তই তেওঁক ২০২৪ চনৰ নিৰ্বাচনত জয়ী হোৱাৰ আশা দুগুণ বৃদ্ধি কৰিব ।
অহা বছৰৰ সাধাৰণ নিৰ্বাচনত তেওঁ বৃহৎ জনাদেশ লৈ উভতি আহিব বুলিও দাবী কৰি মহুৱা মৈত্ৰই কয় যে নৈতিকতা সমিতিৰ দ্বাৰা অনৈতিকভাৱে বহিষ্কৃত হোৱা সংসদীয় ইতিহাসত প্ৰথম ব্যক্তি হিচাপে তেওঁ গৌৰৱান্বিত । তেওঁ লগতে কয় যে প্ৰথমে বহিষ্কাৰ কৰিব আৰু তাৰ পাছত চৰকাৰক চিবিআইক প্ৰমাণ বিচাৰিবলৈ ক'ব । তেওঁ লগতে নৈতিকতা সমিতিক কেংগাৰু আদালতৰ সৈতেও তুলনা কৰে ।
নৈতিকতা সমিতিৰ বিৰুদ্ধে অপ্ৰয়োজনীয় প্ৰশ্ন কৰাৰ অভিযোগ উত্থাপন কৰা মহুৱা মৈত্ৰই পূৰ্বে নিজকে মহাভাৰতৰ দ্ৰৌপদী চৰিত্ৰৰ সৈতে তুলনা কৰিছিল । এইবাৰ শ্ৰীকৃষ্ণৰ দৰে তেওঁক উদ্ধাৰ কৰিবলৈ অহাৰ বাবে সমিতিৰ সদস্য জেডি (ইউনাইটেড)ৰ সাংসদ গিৰিধাৰী যাদৱক তেওঁ ধন্যবাদ জনায় ।