নেশ্যনেল ডেস্ক,৭ এপ্ৰিল :পশ্চিমবংগৰ কোচবিহাৰত নৃশংস কাণ্ড । প্ৰেমৰ সম্পৰ্ক মানি নোলোৱাৰ বাবে প্ৰেমিকে হত্যা কৰিলে যুৱতীৰ পৰিয়ালক (Youth murders his girlfriends family)। চাৰিজনীয়া পৰিয়ালটোৰ তিনি সদস্যৰ মৃত্যু হোৱাৰ লগতে প্ৰেমিকা গুৰুতৰভাৱে আহত । সমগ্ৰ ঘটনাক লৈ কোচবিহাৰত তীব্ৰ উত্তেজনা । ইফালে ৰাইজৰ প্ৰহাৰত আহত হৈছে হত্যাকাৰী প্ৰেমিক ।
পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ এখন গাঁৱত এই নিৰ্মম ঘটনাটো সংঘটিত হৈছে (Sensational murder in Cooch Behar)। আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে প্ৰেমৰ সম্পৰ্ক মানি লোৱা নাছিল । যাৰ বাবে যুৱকজনে হিংসাৰ পথ বাছি লৈছিল । যুৱতীগৰাকীৰ পিতৃয়ে প্ৰেমৰ সম্পৰ্কৰ বিৰোধিতা কৰিছিল । যাৰ ফলত প্ৰেমিকে প্ৰেমিকাৰ লগতে পিতৃ-মাতৃ আৰু ভনীয়েকক হত্যা কৰি চৰম প্ৰতিশোধ ল'ব বিচাৰিছিল ।
ইফালে যুৱতীগৰাকীৰ পিতৃ-মাতৃ দুয়ো তৃণমূল কংগ্ৰেছৰ সক্ৰিয় সদস্য আছিল (TMC leader murder)। প্ৰাথমিক অনুসন্ধান অনুসৰি, তেওঁলোকৰ কনিষ্ঠা কন্যাৰ সৈতে বিভূতি ভূষণ ৰয় নামৰ এজন যুৱকৰ প্ৰেমৰ সম্পৰ্ক আছিল । কিন্তু পৰিয়ালে প্ৰেমৰ সম্পৰ্ক মানি নোলোৱাৰ বাবে প্ৰেমিক বিভূতি ভূষণ ৰয়ে আন দুজন ব্যক্তিৰ সৈতে নিশা প্ৰেমিকাৰ ঘৰত প্ৰৱেশ কৰে আৰু পৰিয়ালৰ সদস্যসকলক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । এই আক্ৰমণত পৰিয়ালটোৰ আটাইকেইজন সদস্য গুৰুতৰভাৱে আহত হয় ।