আগৰতলা, 27 ছেপ্তেম্বৰ : তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীয়ে দেওবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ বিৰুদ্ধে ন্যায়পালিকাক উপহাস কৰাৰ অভিযোগ তুলি তীক্ষ্ণ বাক্যবাণ প্ৰয়োগ কৰে ৷ বেনাৰ্জীয়ে বিপ্লৱ দেৱৰ এটা সম্পাদিত ভিডিঅ' পোষ্ট কৰিছিল, য'ত তেওঁ অসামৰিক কৰ্মচাৰীসকলক "আদালতৰ অৱমাননা"ক ভয় নকৰিবলৈ নিৰ্দেশ দিয়া শুনা গৈছিল ৷
"@BjpBiplab সমগ্ৰ দেশৰ বাবে এক অপমানজনক নাম ! তেওঁ নিৰ্লজ্জভাৱে গণতন্ত্ৰক উপহাস কৰে, সন্মানীয় ন্যায়পালিকাক উপহাস কৰাৰ লগতে ইয়াত গুৰুত্ব প্ৰদান নকৰে ৷ উচ্চতম ন্যায়ালয়ে তেওঁৰ মন্তব্যত গুৰুত্ব দিব নেকি, যিয়ে এনেধৰণৰ অসন্মান প্ৰদৰ্শন কৰে বুলিও বেনাৰ্জীয়ে টুইটাৰত প্ৰকাশ কৰে ৷
উল্লেখ্য যে, ভিডিঅ'টোত দেৱক বিষয়াসকলক কোনো ভয় নোহোৱাকৈ চৰকাৰী আদেশ কাৰ্যকৰী নকৰিবলৈ নিৰ্দেশ দিয়া দেখা গৈছিল ৷
এই ভিডিঅ’ প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰী দেৱে স্পষ্টীকৰণ দিয়ে ৷ তেওঁ কয় যে, বছৰ বছৰ ধৰি বিচাৰাধীন আদালতৰ গোচৰৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ পদোন্নতিত বাধা প্ৰদান কৰাটো তেওঁলোকৰ সৈতে কৰা অন্যায়ৰ সমান হ'ব পাৰে ৷
"অচলাৱস্থা সমাধানৰ বাবে কেবিনেটৰ সিদ্ধান্ত ল'ব পাৰি ৷ চৰকাৰে কৰ্মচাৰীসকলক কিমান দিন অপেক্ষা কৰিবলৈ বাধ্য কৰিব ৷ যদি তেওঁলোকে পদোন্নতি অবিহনে অৱসৰ লয়, তেন্তে তেওঁলোক উপযুক্ত পেকেজ গ্ৰহণৰ পৰা বঞ্চিত হ'ব ৷ এই প্ৰণালী মানিলে আদালতৰ অৱমাননা হ'ব পাৰে ৷ এনেকুৱা লাগিছে যেন আদালতৰ অৱমাননা তাত বহি থকা বাঘৰ দৰে ৷ মই ইয়াত বাঘ" বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷
কিন্তু অভিষেক বেনাৰ্জীয়ে পোষ্ট কৰা ভিডিঅ'টোত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ প্ৰকৃত ভাষণৰ কিছু অংশ এডিট কৰা গৈছিল ৷
যদিও তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ বিৰুদ্ধে দেৱৰ কাৰ্যালয়ৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি অহা নাছিল, কিন্তু তেওঁৰ OSD (বিশেষ কৰ্তব্য/মিডিয়া উপদেষ্টাৰ বিষয়া) সঞ্জয় মিশ্ৰই ইয়াৰ বিৰোধিতা কৰিছিল ৷ মিশ্ৰই মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে একপ্ৰকাৰ প্ৰতিবাদ কৰি কৈছিল যে, "আপুনি ভুৱা প্ৰচাৰ প্ৰচাৰ কৰাৰ আগতে সম্পূৰ্ণ ভাষণ শুনিব লাগিব ৷ যিটো আপুনি আপোনাৰ ৰাজনৈতিক গুৰু চিপিএমৰ পৰা শিকিছে ৷ আমি সকলোৱে জানো চৰকাৰী প্ৰতিষ্ঠানবোৰৰ প্ৰতি আপোনাৰ কিমান সন্মান আছে"!
লগতে চাওক:গৰুখুটিৰ ঘটনাৰ আঁৰত জড়িত থকা তৃতীয় পক্ষ কোন ?