আগৰতলা, ১৫ ছেপ্টেম্বৰ : তৃণমূল কংগ্ৰেছে বৃহস্পতিবাৰে ত্ৰিপুৰা আৰক্ষী মুখ্য কাৰ্যালয় ঘেৰাও কৰে (TMC gheraoed Tripura Police Headquarters) । লগতে উত্তৰ প্ৰদেশৰ পঞ্জীয়ন নম্বৰ থকা শ শ বাইক আগৰতলাত কিয় ৰখাই থোৱা হৈছে আৰু বিৰোধী দলৰ নেতা-কৰ্মীসকলৰ সুৰক্ষাৰ বাবে আৰক্ষীয়ে কি পদক্ষেপ লৈছে সেই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা তাৎক্ষণিক উত্তৰ দাবী জনায় ।
উল্লেখ্য, আজি বিয়লি আগৰতলাৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিষয়টো সন্দৰ্ভত বক্তব্য ৰাখি ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে (Rajya Sabha MP Sushmita Dev) কয় যে তৃণমূল কংগ্ৰেছৰ সকলো শাখাই আজি আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখত এই বিক্ষোভ প্ৰদৰ্শন কৰে ।
"উপ-নিৰ্বাচন হওক বা নাগৰিক সমিতিৰ নিৰ্বাচন, আমি ৰাজ্যখনৰ আটাইতকৈ শোচনীয় আইন-শৃংখলা পৰিস্থিতি দেখিছোঁ (law and order situation in Tripura) । ভোটাৰসকলে ভোটদান কৰিব নোৱাৰিলে, ভোটকেন্দ্ৰসমূহৰ ভিতৰত ভোটদান এজেণ্টক অনুমতি দিয়া হোৱা নাছিল আৰু বিৰোধী দলৰ নেতাসকলৰ ওপৰত আক্ৰমণ কৰা হৈছিল আনকি বিৰোধী দলবোৰে নিৰ্বাচনী প্ৰচাৰো চলাব নোৱাৰিলে । ত্ৰিপুৰাত এই পৰিস্থিতি বিৰাজ কৰি আছে ।" সুস্মিতা দেৱে কয় ।
তেওঁ লগতে দাবী কৰে যে শেহতীয়াকৈ তেওঁলোকে সামাজিক মাধ্যমত দেখিছে যে আগৰতলাত উত্তৰ প্ৰদেশৰ পঞ্জীয়ন নম্বৰ থকা ১০০ তকৈও অধিক মটৰচাইকেল ৰখাই থোৱা আছে ।