অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাই শাসন কৰিব ত্ৰিপুৰাক: অভিষেক বেনাৰ্জী - ত্ৰিপুৰা বিধানসভা নিৰ্বাচন 2022

আগৰতলাৰ এখন ব্যক্তিগত হোটেলত সংবাদমেল সম্বোধন কৰি অভিষেক বেনাৰ্জীয়ে কয় যে ত্ৰিপুৰাত গণতন্ত্ৰ সংকটত আছে । বিজেপিয়ে আক্ৰমণ কৰি গুণ্ডামিৰ কৌশল দেখুৱাইছে । তেওঁ যাতে সুৰক্ষিতভাৱে ঘৰলৈ উভতিব নোৱাৰে তাৰ বাবে বিজেপিয়ে চেষ্টা কৰিছিল বুলি অভিযোগ কৰে নেতাগৰাকীয়ে ।

অভিষেক বেনাৰ্জী
ত্ৰিপুৰাই শাসন কৰিব ত্ৰিপুৰাক

By

Published : Aug 3, 2021, 1:11 PM IST

আগৰতলা,৩ আগষ্ট :ত্ৰিপুৰাত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলসমূহে বিশেষ তৎপৰতা আৰম্ভ কৰিছে । এইবাৰ তৃণমূল কংগ্ৰেছ দলে বিশেষভাৱে ৰাজ্যখনত নিৰ্বাচনৰ ৰণকৌশল আৰম্ভ কৰিছে । শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ আগমন ঘটিছে ৰাজ্যখনলৈ । ২০২৮ চনৰ লোকসভা নিৰ্বাচনৰ বাবে মমতা বেনাৰ্জীক (Mamata Benarjee) ৰাষ্ট্ৰীয় মুখ হিচাপে প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে ।

যাৰ বাবে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন এক অগ্নি পৰীক্ষা হিচাপে গ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছে । উল্লেখ্য যে ২০১৮ ৰ বিধানসভাৰ পূৰ্বে ত্ৰিপুৰাত বিজেপিও শূণ্য আছিল । সেয়ে তৃণমূল কংগ্ৰেছেও (TMC) ৰাজ্যখনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰিছে ।

শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ সাংসদ তথা অখিল ভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী ত্ৰিপুৰাত উপস্থিত হোৱাৰ সময়ত তেওঁৰ কনভয়ত কোনো দুৰ্বৃত্তই আক্ৰমণ কৰিছে । এই ঘটনাক গৰিহণা দি এক সংবাদমেল সম্বোধন কৰে নেতাগৰাকীয়ে । সংবাদমেলত নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ত্ৰিপুৰাই সুশাসন বিচাৰে । দলটোৱে বাৰে বাৰে বিবৃতিত এটা কথা উল্লেখ কৰিছিল যে ‘ত্ৰিপুৰাই শাসন কৰিব ত্ৰিপুৰাক’ ।

অৰ্থাৎ ইয়াৰ পৰা এটা কথা স্পষ্ট যে, দলটোৱে স্থানীয় নেতাক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব । আগৰতলাৰ এখন ব্যক্তিগত হোটেলত সংবাদমেল সম্বোধন কৰি বেনাৰ্জীয়ে কয় ত্ৰিপুৰাত গণতন্ত্ৰ সংকটত আছে । বিজেপিয়ে আক্ৰমণ কৰি গুণ্ডামিৰ কৌশল দেখুৱাইছে । তেওঁ যাতে সুৰক্ষিতভাৱে ঘৰলৈ উভতিব নোৱাৰে তাৰ বাবে বিজেপিয়ে চেষ্টা কৰিছিল বুলি অভিযোগ কৰে নেতাগৰাকীয়ে ।

লাঠি আৰু ৰড লৈ দুৰ্বৃত্তই তেওঁৰ কনভয়ৰ ওপৰত অপ্ৰৰোচিত আক্ৰমণ চলাইছিল যিয়ে সঁচাকৈয়ে বিজেপিৰ এখন ৰাজ্য চলোৱাৰ ধৰণ দেখুৱাইছে বুলিও তেওঁ অভিযোগ কৰে । তেওঁ কয় যে তৃণমূল কংগ্ৰেছ দলটোৰ ৰাজনীতি সকলোৱে জানে । মমতা বেনাৰ্জীয়ে সকলোকে সমান মৰ্যাদা দিব বিচাৰে আৰু তেওঁৰ দলেও একেই বিচাৰে ।

ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ যুঁজ হৈছে জনপন্থী চৰকাৰ স্থাপন কৰা আৰু তাৰ বাবে টিএমচিয়ে সকলো কৰিব বুলি দাবী কৰে অভিষেক বেনাৰ্জীয়ে । আনকি ইডি আৰু আইটিৰ দৰে সংস্থা ব্যৱহাৰ কৰি বিৰোধীক ধ্বংস কৰাৰ বিজেপিৰ উপায় নলয় তৃণমূল কংগ্ৰেছে । দলটোৱে গণতন্ত্ৰত বিশ্বাস কৰে আৰু তেওঁলোকৰ যুঁজ গণতান্ত্ৰিক হ'ব বুলিও কয় নেতাগৰাকীয়ে ।

বেনাৰ্জীয়ে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ আৰু গোটেই গেৰুৱা শিবিৰক ভীতি প্ৰদৰ্শনৰ কৌশলৰ পৰা সংযম হৈ থাকিবলৈ সতৰ্ক কৰি দিয়ে । এইবাৰ ত্ৰিপুৰাত টিএমচি শক্তিশালী । তেওঁ সমগ্ৰ গেৰুৱা শিবিৰৰ লগতে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক সকীয়াই দি কয় যে ত্ৰিপুৰাত দলৰ সমৰ্থকক লগ পোৱাত তেওঁক কোনো কৌশলে বাধা দিব নোৱাৰে । ত্ৰিপুৰাত এগৰাকী মুখ্যমন্ত্ৰী হ'ব যি এই মাটিত জন্ম গ্ৰহণ কৰিছে আৰু ডাঙৰ দীঘল হৈছে ।

তেওঁৰ মতে ৰিম'ট কণ্ট্ৰ'ল চৰকাৰ নহ'ব, ই এখন স্বাধীন চৰকাৰ হ'ব । আগন্তুক দিনত বেংগল বা দিল্লী বা গুজৰাটে ত্ৰিপুৰাক শাসন নকৰে । দল সলনিৰ ক্ষেত্ৰতো ত্ৰিপুৰাত বিজেপি চৰকাৰক উৎখাত কৰিবলৈ তৃণমূলত যোগদান কৰিবলৈ সাজু হোৱা সকলক আদৰণি জনোৱা হ'ব বুলিও কয় নেতাগৰাকীয়ে ।

আনকি তেওঁ দাবী কৰে যে যেতিয়াই বিজেপিৰ কোনো কেন্দ্ৰীয় নেতা ত্ৰিপুৰালৈ আহিব তেতিয়া তেওঁ ৫ বাৰ ত্ৰিপুৰালৈ আহিব । তেওঁ লগতে কয় যে এগৰাকী দলৰ নেতা সদায় ৰাজ্যখনত থাকিব যিজনৰ তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰি থাকিব । তেওঁক পশ্চিমবংগৰ পৰা ৰাজ্যখনৰ ভাৰপ্ৰাপ্ত বা পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হ'ব । যদি টিএমচিৰ এজন দলীয় কৰ্মীয়ে আনকি এটা আঁচোৰও পায়, শাসকীয় দলে ইয়াৰ মূল্য পৰিশোধ কৰিব লাগিব বুলিও হুংকাৰ দিয়ে নেতাগৰাকীয়ে ।

অভিষেক বেনাৰ্জীয়ে দাবী কৰা মতে শাসকীয় বিজেপিৰ বহুতো বিধায়ক এআইটিচিৰ (AITC) সৈতে নিৰন্তৰ যোগাযোগত আছে । অৱশ্যে, এআইটিচিয়ে বিভাজনৰ ৰাজনীতিত বিশ্বাস নকৰে । তেওঁৰ স্পষ্ট কথা যে তেওঁ কাৰো ঘৰ ভাঙিব নোৱাৰে ।

তেওঁৰ দাবী জনসাধাৰণৰ বাবে কাম কৰি, এআইটিচিয়ে তেওঁলোকৰ বিশ্বাস আৰু মৰমেৰে ক্ষমতাৰ সিংহাসনত বহিব । তেওঁ ঘোষণা কৰে যে এই বছৰৰ ডিচেম্বৰৰ ভিতৰত ৰাজ্যখনৰ ৮ খন জিলাৰ ৫৬ টা খণ্ডৰ ৩,৩২৪ টা বুথত সকলো সমিতি গঠন কৰা হ'ব । তেওঁ লগতে কয় যে অহা ১৫ দিনৰ ভিতৰত এখন পূৰ্ণাংগ ৰাজ্যিক সমিতি ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক :অসম-মিজোৰামৰ সমস্যা সমাধানৰ বাবে গৃহমন্ত্ৰীয়ে চেষ্টা কৰি আছে: মিজোৰামৰ ৰাজ্যপাল

ABOUT THE AUTHOR

...view details