নেশ্যনেল ডেস্ক, 14 জানুৱাৰী: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী(Trinamool Congress) মমতা বেনাৰ্জীৰ(Mamata Banerjee) প্ৰধানমন্ত্ৰী হোৱাৰ সকলো গুণ আছে ৷ অৱশ্যে বিজেপিৰ শাসনক লৈ সৃষ্টি হোৱা দেশবাসীৰ হতাশাক মমতা বেনাৰ্জীয়ে একত্ৰিত কৰিব পাৰিব নে নোৱাৰে সেয়া বৰ্তমানেও ক’ব পৰা নাযায় ৷ এই মন্তব্য দেশৰ জ্যেষ্ঠ অৰ্থনীতিবিদ তথা ন’বেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ(Nobel LaureateAmartya Sen) ৷
90 বছৰীয়া অৰ্থনীতিবিদগৰাকীয়ে লগতে কয়, ‘‘বিজেপিয়ে যদি 2024 চনৰ লোকসভা নিৰ্বাচনত(Lok Sabha election 2023) বিজেপিৰ সপক্ষে এক ঘোঁৰাৰ দৌৰ হ’ব বুলি ভাবে তেন্তে সেয়া ভুল হ’ব ৷’’ লগতে 2024 চনৰ লোকসভা নিৰ্বাচনত কেইবাটাও আঞ্চলিক দলৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব বুলিও মন্তব্য কৰে অৰ্থনীতিবিদগৰাকীয়ে ৷
ইয়াৰোপৰি তেওঁ কয়, ‘‘মই ভাবো কেইবাটাও আঞ্চলিক দলৰ ভূমিকা স্পষ্টভাৱে গুৰুত্বপূৰ্ণ হ’ব ।’’ এই সন্দৰ্ভত DMKৰ লগতে তৃণমূল কংগ্ৰেছৰ গুৰুত্বতাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘সমাজবাদী পাৰ্টিৰো কিছু সবল স্থিতি আছে কিন্তু সেয়া ভৱিষ্যতে সম্প্ৰসাৰিত হ’ব নে নহয় সেয়া এতিয়াই ক’ব পৰা নাযায় ৷’’
বিজেপিয়ে(BJP) দেশত নিজকে এটা হিন্দুত্ববাদী দল হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে ৷ এনে প্ৰেক্ষাপটত বিজেপিৰ স্থান ল’ব পৰা দল নাই বুলি মন্তব্য কৰাটো ভুল হ’ব ৷ প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ(Press Trust of India) সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে জ্যেষ্ঠ অৰ্থনীতিবিদ অমৰ্ত্য সেনে ৷