অসম

assam

ETV Bharat / bharat

পশ্চিমবংগৰ লগতে 15 ৰাজ্যত তৃণমূলৰ ‘খেলা হবে দিৱস’ পালন - খেলা হবে দিৱস

তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈয়েই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে 16 আগষ্টক ‘খেলা হবে দিৱস’ (khela hobe diwas) হিচাপে পালনৰ সিদ্ধান্ত লৈছিল ৷ সেই অনুসৰি সোমবাৰে পশ্চিমবংগ, ত্ৰিপুৰাৰ লগতে আন কেইবাখনো ৰাজ্যত খেলা হবে দিৱসটি পালন কৰে তৃণমূল নেতৃত্বই ৷

TMC celebrate 16 August as khela hobe diwas in west bengal, tripura and 15 other state
পশ্চিম বংগৰ লগতে 15 ৰাজ্যত তৃণমূলৰ ‘খেলা হবে দিৱস’ পালন

By

Published : Aug 16, 2021, 4:09 PM IST

নেশ্যনেল ডেস্ক, 16 আগষ্ট :সোমবাৰে পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ (TMC) উদ্যোগত পালন কৰা হৈছে ‘খেলা হবে দিৱস’ (khela hobe diwas) ৷ পশ্চিমবংগ, ত্ৰিপুৰাসহ মুঠ 15 খন ৰাজ্যত পালন কৰা হৈছে ‘খেলা হবে দিৱস’ ৷ 2021ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ‘খেলা হবে’ শ্ল’গানটোক অস্ত্ৰ কৰিয়েই প্ৰচাৰৰ ধুমুহা আনিছিল তৃণমূলে ৷

তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ ক্ষমতালৈ অহাৰ পিছতেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 16 আগষ্টৰ দিনটো ‘খেলা হবে দিৱস’ হিচাপে পালনৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ পশ্চিম বংগৰ উপৰিও এই দিৱসটি আন কেইবাখনো ৰাজ্যত পালনৰ বাবে উদ্যত হৈছে তৃণমূল নেতৃত্ব ৷ সোমবাৰে উত্তৰ প্ৰদেশ, ত্ৰিপুৰাৰ লগতে আন কেইবাখনো ৰাজ্যত এই দিৱস পালন কৰিছে তৃণমূলৰ নেতৃত্বই ৷

কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্য গুজৰাটত এই দিৱস পালনক লৈ সৃষ্টি হৈছে বিতৰ্ক ৷ গুজৰাটত গোধৰাত ‘খেলা হবে দিৱস’ পালনৰ উদ্যোগ লৈছিল তৃণমূল কংগ্ৰেছে ৷

গান্ধীজী আৰু নেতাজীৰ নামত দুটি ফুটবল দল গঠন কৰি ফুটবেল মেচ অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছিল তৃণমূলৰ ৷ তাৰ বাবে এখন স্থানীয় বিদ্যালয়ৰ অনুমতিও লৈছিল তৃণমূলৰ নেতৃত্বই ৷ বিদ্যালয়খনৰ খেলপথাৰখন ফুটবল মেচৰ বাবে উপযোগী কৰি তোলাৰ বাবে তাত কাম আৰম্ভ কৰিছিল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে ৷

লগতে পঢ়ক :তৃণমূলে বিপ্লৱ কুমাৰ দেৱৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে: কিশোৰ বৰ্মন

কিন্তু দেওবাৰে হঠাতে প্ৰশাসনৰ তৰফৰ পৰা অনুমতি নোপোৱাৰ বাবে ‘খেলা হবে দিৱস’ বাতিলৰ সিদ্ধান্ত লোৱা বুলি জনায় বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷ এই পৰিস্থিত মোডীৰ ৰাজ্যত খেলা হবে দিৱস উদযাপনত বাধা প্ৰধানৰ ক্ষেত্ৰত প্ৰশাসনৰ ভূমিকাক লৈ সৰৱ হৈ পৰিছে তৃণমূল ৷ তৃণমূল নেতা তথা দলটোৰ মুখপাত্ৰ তাপস ৰায়ে অভিযোগ কৰা অনুসৰি, সেই অঞ্চলৰ চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ চাপত বাধ্য হৈ তেওঁলোকৰ অনুমতি বাতিল কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷

বিদ্যালয় কৰ্তৃপক্ষৰ এই ভূমিকাৰ পিছতে গুজৰাটত প্ৰশাসনৰ যি ভূমিকা সেয়া পৰিস্কাৰ হৈ পৰা বুলিও অভিযোগ তাপস ৰায়ৰ ৷ তেওঁ লগতে কয় যে, ‘প্ৰকৃততে বিজেপিয়ে তৃণমূলক লৈ শংকিত হৈছে ৷ তাৰবাবে ত্ৰিপুৰাত তৃণমূলৰ ওপৰত বাৰে বাৰে আক্ৰমণ হৈছে ৷’

গুজৰাটত শেষ মূহুৰ্তত তৃণমূলৰ অনুমোদন বাতিল কৰিলেও ত্ৰিপুৰাৰ একাধিক অঞ্চলত খেলা হবে দিৱস উদযাপন কৰিছে তৃণমূলে ৷ সোমবাৰে পুৱাই আগৰতলাৰ উত্তৰ বনমালীপুৰৰ পৰা ফুটবল খেলি খেলি ‘খেলা হবে’ শ্ল’গান দি ৰেলীও উলিয়ায় তৃণমূল কংগ্ৰেছে ৷ এই ৰেলীত উপস্থিত আছিল তৃণমূলৰ সাংসদ শান্তনু সেন, অৰ্পিতা ঘোষৰ লগতে তৃণমূলৰ নেতা-কৰ্মীসকল ৷

সোমবাৰে পুৱাই খেলা হবে দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে পশ্চিমবংগৰ ক্ৰীড়ামন্ত্ৰী মনোজ তিৱাৰীয়ে ৷ তেওঁ টুইটযোগে লিখে যে, "পশ্চিম বংগৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে এইবাৰ খেলা হবে ৷ খেলাই বিভাজনৰ দেৱাল ভাঙি মানুহক ঐক্যৱদ্ধ কৰে ৷ খেলাই কোনো ধৰ্ম বুজি নাপায়, খেলাই অধিকাৰৰ বাবে যুঁজ দিবলৈ শিকায় ৷ সকলোকে ‘খেলা হবে’ দিৱসৰ আন্তৰিক শুভেচ্ছা ৷ ভালে থাকক, খেলাত থাকক, সুস্থ থাকক ৷"

উল্লেখ্য যে, দেওবাৰে ত্ৰিপুৰাত তৃণমূলৰ দুই সাংসদ ক্ৰমে দোলা সেন আৰু অপৰূপা পোদ্দাৰৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছিল ৷ স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ পৰা ওভটাৰ পথতে তেওঁলোক দুয়োৰে বাহনত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু তৃণমূলৰ এই অভিযোগ অপপ্ৰচাৰৰ বুলি অভিযোগ ত্ৰিপুৰা বিজেপিৰ ৷

লগতে পঢ়ক :TMCৰ খেলা হবে শ্ল'গানক সমালোচনা জিষ্ণু দেৱবৰ্মাৰ

ABOUT THE AUTHOR

...view details