নিউজ ডেস্ক, ১০ জুলাই :তৃণমূলৰ নেত্ৰী সুস্মিতা দেৱৰ আশাত চেঁচাপানী ঢালিলে তৃণমূল কংগ্ৰেছে । বংগৰ অবিসম্বাদী নেত্ৰী মমতা বেনাৰ্জীৰ পৰা ৰাজ্যসভাৰ আসনত প্ৰতিদ্বন্দ্বিতাৰ প্ৰতিশ্ৰুতি লৈ তৃণমূলত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱক আশাহত কৰিলে দলটোৱে । বৰাকৰ এইগৰাকী যুৱ নেত্ৰীয়ে কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত যোগদান কৰাৰ সময়ত ৰাজ্যসভাৰ পৰা তৃণমূলৰ প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।
শেহতীয়া সময়ছোৱাত তৃণমূলৰ হৈ অতি সক্ৰিয়ভাৱে কাম কৰি আহিছিল সুস্মিতাই । আশা কৰা হৈছিল এইবাৰ তৃণমূলৰ পৰা ৰাজ্যসভাৰ টিকট লাভ কৰিব সুস্মিতাই । কিন্তু এইবাৰো বিমুখ হ'বলগীয়া হ'ল সুস্মিতা । তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰা ৰাজ্যসভাৰ ছয়খন আসনৰ প্ৰাৰ্থী তালিকাত নাম নাই সুস্মিতা দেৱৰ । যাৰ বাবে শিলচৰত প্ৰতিবাদত বহিছে তৃণমূলৰ যুৱ নেত্ৰীগৰাকী ।
উল্লেখ্য, ছয়খন ৰাজ্যসভা আসনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছে । উক্ত তালিকাত স্থান লাভ কৰিছে বিতৰ্কিত আৰটিআই কৰ্মী সাকেত গোখলেয়ে । তৃণমূল কংগ্ৰেছে ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা আনকেইগৰাকী নেতা হৈছে ডেৰেক অ'ব্ৰাইন, দোলা সেন, সুখেন্দু শেখৰ ৰয়, সমীৰুল ইছলাম আৰু প্ৰকাশ চিক বাৰাইক ।
"তেওঁলোকে জনসাধাৰণৰ সেৱাত তেওঁলোকৰ নিষ্ঠা অব্যাহত ৰাখক আৰু প্ৰতিজন ভাৰতীয়ৰ অধিকাৰৰ বাবে অদম্য মনোভাব আৰু কৰ্মৰে তৃণমূলৰ স্থায়ী উত্তৰাধিকাৰ বজাই ৰাখক । আমি সকলোকে আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ।" প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ পিছতে টিএমচিয়ে টুইট কৰে ।