আগৰতলা,৫ জানুৱাৰী :শেহতীয়াকৈ বিজেপিৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল বিধায়ক আশীষ দাসে । ইয়াৰ পাছতে ত্ৰিপুৰা বিধান সভাৰ অধ্যক্ষ ৰতন চক্ৰবৰ্তীয়ে বুধবাৰে বিধায়ক আশীষ দাসক বিধানসভাৰ পৰা বহিষ্কাৰ কৰে (Tripura BJP MLA expelled from assembly)। সংবাদমেল সম্বোধন কৰি অধ্যক্ষ ৰতন চক্ৰবৰ্তীয়ে কয় যে, যোৱা কেইবামাহ ধৰি মুখ্য হুইপ কল্যাণী ৰয়ে বিধায়ক আশীষ দাসৰ দুৰ্ব্যৱহাৰ আৰু দল বিৰোধী কাৰ্যকলাপ তথা আন এটা ৰাজনৈতিক দলত তেওঁৰ যোগদানৰ বিষয়টো বিধানসভাৰ দৃষ্টিগোচৰ কৰিছিল ।
আনকি বিধায়িকা কল্যাণী ৰয়ে আশীষ দাসৰ বিৰুদ্ধে যোৱা ২৫ অক্টোবৰত তেওঁৰ দল বিৰোধী কাৰ্যকলাপৰ বাবে বিধানসভাৰ অধ্যক্ষৰ সন্মুখত আবেদনো দাখিল কৰিছিল (Kalyani Ray complains against Ashis Das)। অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা মতে, এই সম্পৰ্কত দীঘলীয়া আলোচনাৰ পাছত বিধায়ক আশীষ দাসক বহিষ্কাৰ কৰা হৈছে । ত্ৰিপুৰা বিধান সভাৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে, বিধায়ক দাসৰ বহিষ্কাৰৰ পত্ৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা হ'ব ।