হুইল চেয়াৰত বহি থকা এগৰাকী মহিলাৰ প্ৰতিশ্ৰুতি, বিজেপিৰ হাতলৈ ক্ষমতা আহিলে ধৰ্মীয় সংখ্যালঘুসকলৰ অস্তিত্ব আৰু সুৰক্ষা সংকটত পৰিব । যদিও পশ্চিমবংগ নিৰ্বাচনৰ বাবে এই দুই ধৰণৰ ধাৰাভাষ্য সৃষ্টি কৰা হৈছিল ৷ কিন্তু ধৰ্মীয় সংখ্যালঘুসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰেৰে তৃণমূল কংগ্ৰেছক শক্তিশালী কৰি ৰাজ্যখনত বিজেপিৰ ৰথৰ চকা প্ৰতিহত কৰিলে । তাৰোপৰি ৰাজ্যৰ ভোটাৰসকলে আনসমূহ ধৰ্ম নিৰপেক্ষ দলকো প্ৰতিহত কৰে ।
একমাত্ৰ মমতা বেনাৰ্জীয়ে বিজেপিৰ ৰথৰ চকা স্তব্ধ কৰিব পাৰিব বুলি থকা বিশ্বাসৰ বাবেই পশ্চিমবংগত এইবাৰ ধৰ্মীয় সংখ্যালঘুসকলক উগ্ৰ হিন্দুত্ববাদী আদৰ্শৰ বিৰুদ্ধে একত্ৰিত কৰা দেখা গ'ল । তৃণমূল কংগ্ৰেছে বংগত এইবাৰ বিজেপিক কেৱল প্ৰতিহত কৰা নাই । যি বিজেপি দলে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দক্ষিণ জংগল মহল বেল্টত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰিছিল তাৰ পৰাও গেৰুৱা দলটোক উৎখাত কৰিবলৈ সক্ষম হয় । জংগল মহল বেল্টত মহিলা সকলৰ ভোটাধিকাৰৰ সংখ্যা বেছি হোৱাটোৱে ইয়াকে সূচায় যে, সকলোৱে বিজেপিক সমষ্টিসমূহৰ পৰা উৎখাত কৰাৰ বাবে তৃণমূল দলকে ভোটদান কৰিছে । যদিও বিজেপিয়ে মতুৱাসকলৰ বিষয়টোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰিছিল, তথাপিও সফল হোৱা নাছিল ।
২০২১ চনত বংগৰ নিৰ্বাচনত ভোটাৰসকলে বিজেপিৰ বিৰুদ্ধে গৈ মমতাক ভোট দিছিল আৰু তৃণমূল দলে কংগ্ৰেছ আৰু বাওঁ শিবিৰৰ ভোটসমূহ পাবলৈও সক্ষম হৈছিল ৷ যাৰ ফলত তৃণমূলৰ প্ৰদৰ্শন ২০১৬ চনতকৈও ভাল হৈছিল । এই নিৰ্বাচনত তৃণমূলে বাওঁ আৰু কংগ্ৰেছ শিবিৰক বংগৰ ৰাজনৈতিক মেপৰ পৰা আঁতৰাবলৈও সক্ষম হৈছে । কলকাতা চহৰত য'ত বিজেপিয়ে যথেষ্ট ভোট আশা কৰিছিল, সেই চহৰেও বিজেপিক নিজৰ স্থিতি স্পষ্ট কৰি দিছিল ।
তৃণমূলৰ যিসকলে দল এৰি বিজেপিত যোগদান কৰিছিল, তেওঁলোকেও ভাল ফল দেখুওৱাত ব্যৰ্থ হৈছিল । ৰাজীৱ বেনাৰ্জী, বৈশালী ডালমিয়া আদিকে ধৰি তৃণমূলৰ বিধায়কসকল যিয়ে বিজেপিত যোগদান কৰিছিল তেওঁলোকেও পৰাজিত হয় । কেৱল মাত্ৰ শুভেন্দু অধিকাৰী যিয়ে নন্দীগ্ৰামত মুখ্যমন্ত্রী মমতা বেনাৰ্জীক হৰুৱাই অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় ।
পশ্চিমবংগৰ নিচিনা কেৰালাতো বিজেপিৰ একেই দশা হ'ল, য'ত ভোটাৰসকলে দলটোক নিঃশেষ কৰি পেলালে । উত্তৰ আৰু মধ্য কেৰালাৰ সংখ্যালঘুসকলে এলডিএফলৈ তেওঁলোকৰ আনুগত্য সলনি কৰে, কাৰণ তেওঁলোকক কোৱা হৈছিল যে, বিজেপি দল ক্ষমতালৈ আহিলে সংখ্যালঘুসকলৰ অস্তিত্ব সংকটত পৰিব । উত্তৰ কেৰালাত য'ত মুছলিম লীগৰ আধিপত্য বেছি তাতো ভোটাৰসকলে বাওঁ শিবিৰৰ সমৰ্থনত ভোটদান কৰে । আনহাতে মধ্য কেৰালাত য'ত খ্ৰীষ্টিয়ানসকলৰ আধিপত্য আছে, তেওঁলোকেও বাওঁ শিবিৰৰ সপক্ষে ভোটদান কৰে । কেৰালাৰ দক্ষিণত য'ত হিন্দুসকল সংখ্যাগুৰু তাতো বিজেপিয়ে ভাল ফল দেখুৱাবলৈ সক্ষম নহ'ল । কাৰণ দলটোৱে ভোটাৰসকলক আকৃষ্ট কৰিবলৈ এক বিশ্বাসযোগ্য ধাৰাভাষ্য সৃষ্টি কৰাত ব্যৰ্থ হৈছিল ।