অসম

assam

ETV Bharat / bharat

তিৰুপতিত লোকসভা উপ-নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ চন্দ্ৰবাবু নাইডুৰ - তিৰুপতি লোকসভাৰ উপ-নিৰ্বাচন

তিৰুপতিৰ সাংসদ তথা ৱাইএছআৰচিপিৰ নেতা বালি দুৰ্গা প্ৰসাদ ৰাওৰ মৃত্যু হোৱাত সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে ৷ ১৭ এপ্ৰিলত তিৰুপতি লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

Tirupati LS by-poll: Chandrababu Naidu to begin campaign from today
তিৰুপতিত আজিৰে পৰা লোকসভা উপ-নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ চন্দ্ৰবাবু নাইডুৰ

By

Published : Apr 8, 2021, 1:32 PM IST

নিউজ ডেস্ক, 8 এপ্ৰিল : তেলেগু দেশম পাৰ্টিৰ প্ৰধান এন চন্দ্ৰবাবু নাইডুৱে বৃহস্পতিবাৰৰ পৰা তিৰুপতি লোকসভাৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব । চন্দ্ৰবাবু নাইডুৱে আজি পুৱা হায়দৰাবাদৰ পৰা উৰা মাৰে আৰু ৰেনিগুণ্টাৰ তিৰুপতি বিমান বন্দৰত উপস্থিত হয় ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তিৰুপতিত উপস্থিত হৈ প্ৰথমে বালাজী মন্দিৰ দৰ্শন কৰিব আৰু তাৰ পিচত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব বুলি জানিব পৰা হৈছে ।

তেওঁ তিৰুপতিত দলীয় নেতাসকলৰ সৈতেও বৈঠকত মিলিত হ’ব ৷ ইয়াৰ পাছতেই টিডিপি প্ৰাৰ্থী পানাবাকা লক্ষ্মীৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ বিয়লি শ্ৰীকলাহস্তীলৈ ৰাওনা হ'ব । উল্লেখ্য যে, তিৰুপতিৰ সাংসদ তথা ৱাইএছআৰচিপিৰ নেতা বালি দুৰ্গা প্ৰসাদ ৰাওৰ মৃত্যু হোৱাত সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে ৷ ১৭ এপ্ৰিলত তিৰুপতি লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :ইটাৰ ভাটাৰ পৰা উদ্ধাৰ ১২৭ জন শ্ৰমিক

ABOUT THE AUTHOR

...view details