নেশ্যনেল ডেস্ক, ১৪ মে': ক'ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰাৰ চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । সংক্ৰমণ ৰোধৰ বাবে পূৰ্বতকৈ অধিক তৎপৰতাৰে কাম কৰিছে চৰকাৰে । বৃহস্পতিবাৰে ধলাই জিলাৰ কেইবাটাও ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে । তেওঁ কয় যে, আগৰতলা পৌৰ নিগমৰ প্ৰতিটো পৰিয়ালৰে বাবে ৰেপিড এণ্টিজেন পৰীক্ষা বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে ।
তেওঁ লগতে কয় যে, মহমাৰীৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ক'ভিড পৰীক্ষা এক গুৰুত্বপূৰ্ণ কাম । স্বাস্থ্য কৰ্মীসকলে অহা তিনি দিনৰ ভিতৰত পৌৰ নিগমৰ অধীনৰ প্ৰতিখন ঘৰলৈ গৈ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাব । ঘৰে ঘৰে ক'ভিড পৰীক্ষা সম্পন্ন কৰোৱা প্ৰক্ৰিয়াত ৰাইজৰ পৰা সহযোগিতা কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
বৃহস্পতিবাৰে, মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশাসনিক আৰু স্বাস্থ্য বিষয়াসকলৰ সৈতে ধলাই জিলাৰ বিভিন্ন ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰে । আমবাছাস্থিত পাঞ্চায়তীৰাজ প্ৰশিক্ষণ প্ৰতিষ্ঠান, আম্বাছাৰ ৰে'লৱে অতিথি গৃহ আৰু কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যাসাগৰ হোষ্টেলৰ ক'ভিড কোয়াৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে ।