অসম

assam

ETV Bharat / bharat

৭০ টা ভোটকেন্দ্ৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী তিপ্ৰাৰ - টিটিএডিচিৰ স্পৰ্শকাতৰ স্থানৰ মুঠ ৭০ টা ভোটকেন্দ্ৰত বিক্ষিপ্ত ঘটনা

বুধবাৰে তিপ্ৰাৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱ বৰ্মনে টিটিএডিচিৰ স্পৰ্শকাতৰ স্থানৰ মুঠ ৭০ টা ভোটকেন্দ্ৰত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাত পুনৰ নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায় । এই সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগক এক প্ৰতিবেদন দাখিল কৰিব বুলি সংবাদমেলযোগে প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে উল্লেখ কৰে ।

৭০ টা ভোটকেন্দ্ৰত পুনৰ নতুন নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ
৭০ টা ভোটকেন্দ্ৰত পুনৰ নতুন নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ

By

Published : Apr 8, 2021, 10:57 AM IST

নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল: যোৱা ৬ এপ্ৰিলত ত্ৰিপুৰাত অনুষ্ঠিত হয় ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদ (টিটিএডিচি)ৰ নিৰ্বাচন । এই নিৰ্বাচনত প্ৰায় ৮৫ শতাংশ ভোটদান সম্পন্ন হয় । বুধবাৰে টিপ্ৰাৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে টিটিএডিচিৰ স্পৰ্শকাতৰ স্থানৰ মুঠ ৭০ টা ভোটকেন্দ্ৰত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাত পুনৰ নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায় । এই সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগক এক প্ৰতিবেদন দাখিল কৰিব বুলি উল্লেখ কৰে প্ৰদ্যুৎ কিশোৰ দেৱ বৰ্মনে ।

বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা ভোটকেন্দ্ৰকেইটাত যিসকল লোকক ভাবুকি দিয়া হৈছিল তৎস্বত্বেও সেইসকল লোকে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে শলাগ লয় অধ্যক্ষগৰাকীয়ে । তিপ্ৰাই সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰাৰ বাবে তেওঁ যথেষ্ঠ আত্মবিশ্বাসী বুলি দাবী কৰে । পেকুয়াৰজালা, তাকাৰজালা, অমতালী-গোলাঘাটি আৰু নতুনবজাৰ-মালবাছাৰ দৰে অঞ্চলসমূহত ভোটদান সাব্যস্ত কৰিব যোৱা লোকসকলক বাধা দি আক্ৰমণ কৰা হৈছিল । এই ক্ষেত্ৰত আৰক্ষীয়ে নিৰাপত্তা নিশ্চিত কৰাত ব্যৰ্থ হৈছে বুলি তেওঁ কয় । আনহাতে, একাংশ ঠাইত ভাবুকিও প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপন কৰে প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে ।

এই সকলোবোৰ তথ্য বিশ্লেষণ কৰি তেওঁলোকে ৬০ ৰ পৰা ৭০ টা ভোটকেন্দ্ৰ তালিকাভুক্ত কৰাত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি কয় । ভোটগণনাৰ যাতে সকলোৱে শান্তি-শৃংখলা বজাই ৰাখে তাৰবাবে আহ্বান জনায় দেৱবৰ্মনে ।

লগতে পঢ়ক:দেশৰ নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন

ABOUT THE AUTHOR

...view details