নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: শীতকাল বহু লোকৰ বাবে ভাল লগা সময় হ'লেও পথৰ দাঁতিত দুৰ্বিসহ জীৱন কটোৱা লোকসকলৰ বাবে এয়া অতি কষ্টকৰ সময় । এখন গৰম কাপোৰৰ অভাৱত কঁপি কঁপি শীতকালটো পাৰ কৰে এই গৃহহীন লোকসকলে । এনে লোকসকলক সহায় কৰাৰ উদ্দেশ্যেৰে কম্বল বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে TIPRAই । উত্তৰ-পূৱৰ আন আন ৰাজ্যৰ লগতে ত্ৰিপুৰাতো ক্ৰমান্বয়ে হ্ৰাস পাইছে তাপমাত্ৰা ।
দ্য ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅ'নেল এলায়েন্সৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ মানিক্য দেৱবাৰ্মাই টুইটযোগে জনাইছে যে, এইবাৰ শীতকালত ত্ৰিপুৰাৰ গৃহহীন খিলঞ্জীয়া লোকৰ মাজত ৮ হাজাৰতকৈও অধিক কম্বল বিতৰণ কৰিব দলটোৱে । টুইটত তেওঁ উল্লেখ কৰিছে যে, এইবাৰ কোনো দৰিদ্ৰ তথা গৃহহীন ত্ৰিপুৰীয়ে ঠাণ্ডাত শুব নালাগে । ৰাজ্যখনৰ প্ৰতিখন গাঁৱতে উন্নত মানৰ কম্বল বিতৰণ কৰিব TIPRAই । তেওঁ লগতে কয় যে, তেওঁৰ দলৰ কাম হৈছে জনতাৰ সৈতে থকা আৰু তেওঁলোকৰ সমস্যা সমাধান কৰা ।