অসম

assam

ETV Bharat / bharat

আইপিএফটিৰ পদত্যাগী বিধায়কক সাক্ষ্যাৎ প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ - টিপ্ৰা মোথা

আইপিএফটি (IPFT)ৰ সদ্য পদত্যাগী বিধায়কক সাক্ষাৎ অধ্যক্ষ প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ ৷ অৱশ্যে এই সাক্ষাতৰ আঁৰত কোনো ৰাজনৈতিক উদ্দেশ্যে নাই বুলি মন্তব্য প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ ৷ দলীয় কৰ্মীসকলৰ একাংশই দলৰ ভিতৰচ’ৰাত একচেতিয়া ভূমিকা পালন কৰাৰ বাবেই বৃষকেতু দেৱবৰ্মনে পদত্যাগ কৰাৰ অভিযোগ একাংশ দলীয় কৰ্মীৰ ৷

tipra-chairman-pradyot-meets-disgruntled-ipft-mla-after-resignation
আইপিএফটিৰ পদত্যাগী বিধায়কক সাক্ষ্যাৎ প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ

By

Published : Jul 3, 2021, 3:43 PM IST

আগৰতলা, 3 জুলাই :পূৰ্বে অনুমান কৰাৰ দৰেই মাত্ৰ কিছুদিন পূৰ্বে পদত্যাগ পত্ৰ প্ৰদান কৰা আইপিএফটি (Indigenous Peoples Front of Tripura)ৰ বিধায়ক বৃষকেতু দেৱবৰ্মন প্ৰদ্যুত কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন টিপ্ৰা মোথা (The Indigenous Progressive Regional Alliance)ৰ ফালে ঢাল খোৱা যেন দেখা গৈছে ৷ বৃহস্পতিবাৰে টিপ্ৰা মোথাৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ দেৱবৰ্মনে পদত্যাগী বিধায়কগৰাকীৰ বাসগৃহত উপস্থিত হৈ সাক্ষাৎ কৰে ৷

উল্লেখনীয়ভাৱে এনে কিছু উৰাবাতৰি বিয়পি পৰিছে যে, ৰাজ্যিক বিধানসভাত দলৰ প্ৰথম উপস্থিতি সুনিশ্চিত কৰাৰ বাবে পদত্যাগৰ পাচতে টিপ্ৰা মোথাই বিধায়কগৰাকীক তেওঁৰ গৃহসমষ্টি চিমনাৰ পৰা সাম্ভাব্য উপ-নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰিব ৷ একে ধৰণৰ পদক্ষেপ 2018 ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়েও অৱলম্বন কৰিছিল ৷ বিধায়গৰাকীৰ পদত্যাগৰ সিদ্ধান্ত বুদ্ধিমানৰ কাম হয় নে নহয়, সেই কথা দ্ৰুতগতিত পৰিৱৰ্তিত ৰাজনৈতিক সমীকৰণেহে ক'ব ৷ কিন্তু, দলৰ এগৰাকী আগশাৰীৰ কৰ্মী দেৱবৰ্মনে ব্যক্তিগত কাৰণ দৰ্শাই নিজ পদবীৰ পৰা অব্যাহতি লোৱাটো মন কৰিবলগীয়া ৷

আইপিএফটি (IPFT)ৰ ভিতৰুৱা কিছু লোকে স্বীকাৰ কৰা মতে, উচ্চ পদবীত অধিষ্ঠিত দলীয় কৰ্মীসকলৰ একাংশই দলৰ ভিতৰচ’ৰাত একচেতিয়া ভূমিকা পালন কৰি আহিছে ৷ যাৰ বাবে বৃষকেতুৰ দৰে স্থানীয় কণ্ঠস্বৰসমূহে দলৰ গুৰুত্বপূৰ্ণ সভাসমূহত কোনো স্থান লাভ কৰা নাছিল ৷

দেৱবৰ্মনে কোনো বিকল্প নথকাৰ পৰিপ্ৰেক্ষিতত এই সকলোবোৰ নিৰৱে সহ্য কৰি আহিছিল যদিও টিপ্ৰা মোথাৰ আগমণৰ লগে লগে এই সহ্যৰ সীমা ভাঙি যায় ৷ উল্লেখ্য যে, টিটিএএডিচি নিৰ্বাচনত (TTADC election) টিপ্ৰা মোথাই আইপিএফটি (IPFT)ক প্ৰায় শূণ্যত সীমাবদ্ধ কৰিবলৈ সক্ষম হৈছিল, যিয়ে বৃষকেতুৰ দৰে অসন্তুষ্ট নেতাসকলৰ বাবে সুযোগৰ অন্য এক দুৱাৰ মুকলি কৰিছিল ৷ বিধায়কগৰাকীৰ পদত্যাগক লৈ বহু চৰ্চা অব্যাহত আছে যদিও, টিপ্ৰা মোথাৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ দেৱবৰ্মনে বিধায়কগৰাকীৰ সৈতে হোৱা তেওঁৰ সাক্ষাৎ ৰাজনৈতিক নহয় বুলি মন্তব্য কৰিছে ৷

টিপ্ৰা মোথাৰ অধ্যক্ষগৰাকীৰ মতে বৃষকেতুৱে এক সাহসী পদক্ষেপ লৈছে ৷ তেওঁ যিহেতু বৃষকেতু দেৱবৰ্মনৰ পূৰ্বৰে পৰা জানে, সেয়েহে তেওঁক লগ কৰাৰ বাবে কোনো ৰাজনৈতিক উদ্দেশ্যৰ প্ৰয়োজন নাই বুলিও প্ৰদ্যুত কিশোৰ দেৱবৰ্মনে মন্তব্য কৰে ৷

লগতে পঢ়ক:"বৃহত্তৰ টিপ্ৰালেণ্ড" কেৱল নিৰ্বাচনী ৰণ কৌশল আছিল: এন চি দেৱবাৰ্মা

ABOUT THE AUTHOR

...view details