নিউজ ডেস্ক, ৬ জানুৱাৰী: নতুন প্ৰযুক্তি আৰু ব্যতিক্ৰমী বাণিজ্যিক ধাৰণাক উৎসাহিত কৰা দেশসমূহে বৰ্তমান উন্নয়নৰ দিশত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে । এনে বহু প্ৰেৰণাদায়ক উদাহৰণ আছে যিয়ে ন-উদ্যোগীক আগুৱাই যোৱাত উৎসাহিত কৰিব । ইয়াৰ বিপৰীতে ভাৰত এখন এনেকুৱা দেশ য'ত শিক্ষাৰ মান নিম্নগামী হোৱাৰ বাবে অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ বৰ্তমান একো একোটা উদ্যোগত পৰিণত হৈছে । উদ্যোগ সদৃশ এই অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত নিবনুৱা ডিগ্ৰীধাৰী প্ৰস্তুত কৰা হৈছে ।
এই সন্দৰ্ভত তেলেংগানাৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কলৱাকুণ্টলা টাৰাকা ৰামা ৰাওই বি-টেক পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীয়ে কৰা উদ্ভাৱনক স্বীকৃতি প্ৰেৰণা যোগাবলৈ পৰামৰ্শ আগবঢ়াইছে । নতুন ধাৰণা আৰু উদ্ভাৱনী শক্তিক উৎসাহিত কৰিলে বহু ব্যক্তিক্ৰমী উদ্যোগ গঢ় লৈ উঠাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । শিক্ষাৰ্থীসকলৰ এনে নতুন উদ্ভাৱনক বিমূৰ্ত আশা হিচাপে একাষৰীয়া কৰি নাৰাখি প্ৰতিখন ৰাজ্যকে ইয়াক কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়িবলৈও অনুৰোধ জনায় তেলেংগানাৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰীগৰাকীয়ে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পনা কৰা আত্মনিৰ্ভৰ ভাৰতক বাস্তৱ ৰূপ দিবলৈ এতিয়াও বহু কাম কৰিবলৈ বাকী আছে বুলি মন্তব্য কৰে । হাইদৰাবাদত অনুষ্ঠিত হোৱা এণ্টাৰপ্ৰিণিউৰেল এণ্ড ইণ্ডাষ্ট্ৰিয়েল সন্মিলনত এইদৰে ন-উদ্যোগীক প্ৰেৰণা যোগাবলৈ বক্তব্য আগবঢ়ায় মন্ত্ৰী কলৱাকুণ্টলা টাৰাকা ৰামা ৰাওই । লগতে তেওঁ কয় যে, নতুনকৈ আৰম্ভ কৰা উদ্যোগসমূহক আৰ্থিকভাৱে সহায়ৰ আশ্বাস দিলে আৰু উদ্যোগীৰ তীক্ষ্ণ আৰু উদ্ভাৱনী ধাৰণাক প্ৰেৰণা দিলে যিকোনো প্ৰত্যাহ্বানৰে যুঁজ দিয়া সম্ভৱ হৈ পৰিব ।