নিউজ ডেস্ক, ২১ জানুৱাৰী :চিকিৎসকসকলে এই কথাত নিৰন্তৰ গুৰুত্ব দিয়ে যে সুস্বাস্থ্যৰ বাবে খাদ্যত অনুশাসন অতি গুৰুত্বপূৰ্ণ (diet important for good health) । শেহতীয়াকৈ প্ৰাপ্তবয়স্ক মতা নিগনিৰ ওপৰত কৰা পৰীক্ষা ভিত্তিক গৱেষণাৰ ফলাফলেও এই তত্ত্বটো নিশ্চিত কৰিছে । গৱেষণাটোৱে প্ৰকাশ কৰিছে যে সময়মতে খোৱাটোৱে শৰীৰত বাৰ্ধক্য-বিৰোধী (time restricted eating can increase anti ageing) আৰু কৰ্কটৰোধী প্ৰভাৱ বৃদ্ধি কৰিব পাৰে (time restricted eating effects on anti cancer) । লগতে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত খাদ্য গ্ৰহণে শৰীৰৰ বহুতো কলাত জিনৰ অভিব্যক্তি প্ৰভাৱিত কৰে । এই গৱেষণাটো প্ৰকাশ পাইছে 'চেল মেটাবলিজম' (Cell Metabolism) নামৰ আলোচনীখনত ।
মেডিকেল টুডে নিউজৰ মতে, গৱেষণাৰ পৰীক্ষাৰ পিছৰ মূল্যায়নত দেখা গৈছে যে সময়মতে আহাৰ খোৱা (Time restricted Eating, TRE) নিগনিবোৰে সমগ্ৰ শৰীৰত অন্ত্ৰ, হৃদযন্ত্ৰ, হাঁওফাঁও, যকৃত আৰু মগজুকে ধৰি 22 টা বিভিন্ন কোষকলাত জিনৰ কাৰ্যকলাপৰ পাৰ্থক্য প্ৰদৰ্শন কৰে । অধ্যয়নবোৰে এইটোও প্ৰমাণ পাইছে যে সময়মতে খোৱাটোৱে দীৰ্ঘজীৱন সৃষ্টি কৰিব পাৰে আৰু কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শৰীৰৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে । গৱেষকসকলে জনাইছে যে সময়মতে আহাৰ খোৱাটো অনুসৰণ কৰিলে শৰীৰৰ প্ৰাকৃতিক দৈনন্দিন বিশ্ৰাম, সক্ৰিয়কৰণ আৰু যিকোনো শাৰীৰিক সক্ৰিয়তা কৰাৰ সামৰ্থ্য শক্তিশালী হয়, যিয়ে স্বাস্থ্যও উন্নত কৰে ।
সময়মতে আহাৰ গ্ৰহণৰ লাভালাভ (Benefits of Time Restricted Eating) : সময়মতে খোৱাটোক এক প্ৰকাৰৰ "মাজে মাজে কৰা উপবাস" (Intermittent Fasting) বুলি গণ্য কৰা হয় । য'ত মানুহে এক নিৰ্ধাৰিত সময়ত যি বিচাৰে সেয়া খাব পাৰে, কিন্তু তেওঁলোকে বাকী দিনটো উপবাস কৰে । ইয়াৰ পূৰ্বে বিষয়টোৰ সৈতে সম্পৰ্কিত পশুৰ আৰ্হি আৰু মানৱ আৰ্হিৰ ওপৰত গৱেষণা কৰা হৈছে, যাৰ প্ৰায় সকলোবোৰে লাভজনক বুলি গণ্য কৰা হৈছে ।
2022 চনত সময়মতে খোৱাৰ ওপৰত এক প্ৰতিবেদনে প্ৰকাশ কৰিছিল যে ই মেদবহুলতা, ডায়েবেটিচ, হৃদৰোগ, টোপনি চক্ৰ আৰু মানসিক স্বাস্থ্যৰ স্থিতি উন্নত কৰে । গৱেষণাটোত কোৱা হৈছিল যে সময়মতে খোৱাটোৱে ভাল টোপনি আৰু বিপাকত সহায় কৰে, ওজন বৃদ্ধি বা মেদবহুলতা প্ৰতিহত কৰে আৰু শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে । ই হৃদযন্ত্ৰ আৰু অন্ত্ৰৰ সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে ।
নিগনিৰ ওপৰত এই গৱেষণাটো লছ এঞ্জেলছৰ লা-জোলাৰ ছাল্ক ইনষ্টিটিউটত (Salk Institute of La Jolla) সন্মানীয় "ৰিচাৰ্ড আৰু ৰীতা এটকিনচন আসন"ৰ (Richard and Rita Atkinson Chair) অধ্যাপক সাতচিন পাণ্ডা আৰু তেওঁৰ দলৰ দ্বাৰা কৰা হৈছিল । য'ত ডায়েটিচিয়ানসকলো অন্তৰ্ভুক্ত আছিল । গৱেষণাৰ ফলাফলত অধ্যাপক পাণ্ডাই সময়মতে খোৱাৰ ওপৰত আধাৰিত পুষ্টি প্ৰক্ৰিয়াই কেনেদৰে কৰ্কট ৰোগৰ দৰে ৰোগৰ সৈতে যুঁজ দিয়া জিনবোৰ সক্ৰিয় কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰে ।
গৱেষণাই দেখুৱাইছে যে দিনটোৰ যিকোনো সময়ত যিকোনো বস্তু খোৱাতকৈ সময়মতে খোৱাটো স্বাস্থ্যৰ বাবে অধিক উপকাৰী । সেয়া খোৱা খাদ্যত কেলৰি অধিক হওক বা যিকোনো প্ৰকাৰৰ আহাৰে নহওক কিয় । গৱেষণাটোত এইটোও উল্লেখ কৰা হৈছে যে সময়মতে খাদ্য খোৱাটোৱে শৰীৰত ইনছুলিনৰ সঁহাৰি নিয়ন্ত্ৰণ কৰে, যিয়ে ভোক হ্ৰাস কৰে আৰু ফলত ওজন হ্ৰাস কৰে ।