নেপালত সময়ৰ সোঁত পুনৰবাৰ অ’লিৰ পক্ষত বৈছে ? সুৰেন্দ্ৰ ফুয়াল কাঠমাণ্ডু ৷ বোধহয় সময়ৰ সোঁত যেন পুনৰবাৰ নেপালৰ প্ৰধানমন্ত্ৰী কে পি অ’লিৰ পক্ষত বৈছে ৷ 2018 চনৰ নিৰ্বাচনৰ পূৰ্বে অ’লি নেতৃতাধীন চিপিএন (CPN) আৰু প্ৰচণ্ড নেতৃতাধীন মাওবাদী-কেন্দ্ৰক একত্ৰিত কৰোৱা এনচিপি (নেপাল কমিউনিষ্ট পাৰ্টি) মৈত্ৰীক সোমবাৰে উচ্চতম ন্যায়লয়ে ভৎসৰ্ণা কৰে ৷ যাৰ ফলত অ’লিয়ে কিছু পৰিমাণে সকাহ অনুভৱ কৰিছে ৷ তেওঁক যথেষ্ট সুখী দেখা গৈছিল ৷ কিন্তু সুখী হোৱাৰ কাৰণ কি হ’ব পাৰে ? তেওঁ ভাৱে তেওঁ ইউএমএলৰ ‘বৈধ্য গোট’টোৰ নেতৃত্ব বহন কৰে ৷ কিন্তু অসন্তুষ্ট গোটটিৰ নেতৃত্ব ল’বলৈ মাধৱ নেপাল পুনৰ ইউ এম এল লৈ ঘূৰি আহিছে ৷ নেপালৰ ক্ষমতাসীন দলটো টুকুৰা টুকুৰ হৈ গৈয়ে আছে যাৰ ফলত দলটোৰ জঞ্জাল কোনো গুণে কমা নাই ৷ নতুনকৈ অ’লি বিৰোধী জোটবন্ধন এটা গঠন কৰি পুনৰ তেওঁৰ পুৰণি দল মাওবাদী কেন্দ্ৰলৈ ওভতি গৈছে ৷
মাধৱ নেপালে উচ্চতম ন্যায়ালয়ে ইউ এম এল আৰু মাওবাদী কেন্দ্ৰক পুনুৰুজ্জীৱিত কৰাৰ পাচত তেওঁৰ নতুন সহযোগী প্ৰচণ্ডৰ পৰা আঁতৰি গৈছে ৷ অৱশ্যে 2017 বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ পাচত এন চি পিক একত্ৰিত কৰাৰ ধাৰণাটো দিয়া মানুহজন আছিল অলিয়েই ৷ এই ধাৰণাটো যে সঠিক আছিল তাৰ প্ৰমাণ পোৱা গৈছিল তেতিয়া, যেতিয়া দলটোৱে সৰ্বাধিক আসন লাভ কৰি আটাইতকৈ শক্তিশালী দল হিচাপে পৰিগণিত হৈছিল ৷ হিমালয়ৰ দক্ষিণত কমিউনিষ্ট দলৰ সংযুক্ত গোট এটাই ৰণত শেষ হাঁহিটো মৰা কাৰ্যত চীনক যথেষ্ট সন্তুষ্ট দেখা গৈছিল ৷ আনহাতে দিল্লীৰ বাবে সেইয়া আছিল এক অস্বস্তিকৰ মূহুৰ্ত৷ প্ৰায় তিনি মাহ পূৰ্ৱে অ’লিয়ে প্ৰতিনিধি সভা ভংগ কৰি দিয়াৰ পাচত নতুনকৈ অ’লি বিৰোধী সমীকৰণ আৰম্ভ হৈছিল ৷ বহুতকে হতবাক কৰি প্ৰচণ্ড আৰু নেপালকে ধৰি তেওঁৰ নিজৰ দলৰেই কমৰেড সকলে লোৱা এই পদক্ষেপ আছিল অপ্ৰত্যাশিত ৷ কিন্তু 23 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়লয়ে এক অভূতপূৰ্ৱ নজিৰ দাঙি ধৰি সাধাৰণ কথাতে অ’লিৰ দৰে প্ৰতিনিধি সভা ভংগ কৰাৰ মানসিকতা পুহি ৰখা ভৱিষ্যতৰ প্ৰধান মন্ত্ৰী সকলৰ বাবে এক সাৱধান বাণী জাৰি কৰি ভংগ সভাখন পুনৰ বাহাল কৰিবলৈ দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এই সংকটটোও মোচন হৈছিল ৷ এই সপ্তাহত ঘটনাক্ৰমৰ পুনৰ পৰিৱৰ্তন ঘটে ৷