আগৰতলা, 23 মাৰ্চ : ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰাৰ এগৰাকী নাবালিকাক 3 মাহৰ অন্তত উদ্ধাৰ কৰিলে ত্ৰিপুৰা আৰক্ষীয়ে ৷ টিক টকৰ জৰিয়তে মধ্যপ্ৰদেশৰ এজন নাবালকৰ সৈতে প্ৰেমৰ পৰিণতিত পলাই গৈছিল তেলিয়ামুৰাৰ নাবালিকা গৰাকী ৷
সোমবাৰে আৰক্ষীৰ এটা দলে নাবালিকা গৰাকীক উদ্ধাৰ কৰি পৰিয়ালৰ হাতত গতাই দিয়ে ৷ আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, টিক টকৰ জৰিয়তে দুয়োগৰাকীৰ মাজত প্ৰেমৰ সূত্ৰপাত হৈছিল ৷ ইয়াৰ পাচতে 29 জানুৱাৰীৰ দিনা নাবালিকা গৰাকীয়ে মোহাৰচেৰাৰ তেলিয়ামুৰাস্থিত বাসগৃহৰ পৰা পলায়ন কৰে ৷
30 জানুৱাৰীৰ দিনা পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে নাবালিকা গৰাকীৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হয় ৷ টেলিকম চাৰ্ভিছ প্ৰভাইডাৰৰ সহায়ত মধ্য প্ৰদেশৰ ভোজপুৰত বাস কৰা নাবালক যুৱকজনৰ তথ্য লাভ কৰে আৰক্ষীয়ে ৷